পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
স্কাউট।


মিঃ বেডেন পাওৱেল। প্ৰাদেশিক গভৰ্ণমেণ্টৰো এই অনুষ্ঠানৰ বিস্তাৰৰ অৰ্থে সহানুভূতি আছে।

( ২ )

 স্কাউট হবলৈ হলে যেই সেই প্ৰকৃতিৰ লৰাই এই শ্ৰেণীত অন্তৰ্ভূক্ত হব নোৱাৰে। যি লৰাৰ চৰিত্ৰ সজ কাম কৰিবলৈ আগ্ৰহ আছে আৰু যাৰ অন্তৰ দয়াৰে পৰিপূৰ্ণ তেনে লৰাক হে এই শ্ৰেণীত ভৰ্ত্তি কৰা হয়। স্কাউটে পৰৰ হিতকাৰী কামত সদায় লাগি থাকিব লাগে। কদাচিৎ কৰবাত জুই লাগিলে, বান পানী হৈ গৰু মানুহৰ আলৈ অঠানি মিলিলে, জহনী গ্ৰহনী আদি ব্যাপক ৰোগ গাঁৱত দেখা দিলে স্কাউটে নিজক সাৱধানে ৰাখি সবাতোকৈ আগে সেৱা শুশ্ৰূষা কৰিব লাগে। যেই সেই অৱস্থাত যেই সেই প্ৰকাৰে পৰৰ উপকাৰ কৰিবলৈ কেতিয়াও পিচ পৰা হব নালাগে। নিজক উৎকৃষ্ট ভাবি পৰক নিকৃষ্ট জ্ঞান কৰি যি আনৰ উপকাৰ কৰিবলৈ পৰান্মুখ হয় তেওঁ কদাপি স্কাউট হই সেই নামৰ কলঙ্ক অনা যুগুত নহয়। পণ্ডিতৰ পুত্ৰ হৈ কিম্বা ডাঙ্গৰৰ সন্ততি হৈ মানুহৰ উপকাৰ কৰোতে শ্ৰেণী অশ্ৰেণী বিচাৰিব নালাগে।

 স্বাউটে কামৰ সুবিধাৰ অৰ্থে থাকি কাপোৰৰ ছুটি কোট পেন্ট পিন্ধে, মূৰত টুপি লয়। হাতত এডাল টাঙ্গোন ৰাখে লগত একোচ জৰি ৰাখে আৰু কোনো বিলাকৰ লগত কামত ব্যৱহ্যৰ কৰিবলৈ দা কুঠাৰো থাকে। স্কাউটৰ পোছাক পিন্ধি কাম কৰিলে স্কাউট হব নালাগে। সকলো বিষয়ৰে যথা