পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৩১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
২৩
বুৰঞ্জী অধ্যয়ন।

কোন জাতিৰ উঠন পতন হৈছিল, কোন ৰজাই কি ভাবে দেশত শাসন কাৰ্য্য চলাইছিল কোন ৰজাৰ দিনত বিদ্যা আৰু জ্ঞানৰ চৰ্চ্চা বাঢ়িছিল, কি সময়ত ঠায়ে ঠায়ে বিভিন্ন ধৰ্ম্ম প্ৰচাৰক সকল আবিৰ্ভাব হৈ কেনেকৈ ধৰ্ম্মৰ বিভিন্ন সম্প্ৰদায়ৰ সৃষ্টি কৰিছিল, কেতিয়া কোন দিগ্বিজয়ী পুৰুষে হাতত তৰোৱাল তুমুল সংগ্ৰাম কৰি তেজেৰে নৈ ৰাঙ্গলি কৰিছিল, কেতিয়া প্ৰজাই ৰজাৰ অন্যায় আৰু ময়মতিয়া আচৰণৰ বিপক্ষে মূৰ পাতি উঠি দেশত শান্তি সুশৃঙ্খলা লগাইছিল, আকৌ কেতিয়া সুখ সমৃদ্ধিৰ মলয়া বা ধীৰ ধীৰে মানৱ সমাজত বৈ প্ৰজাৰ সুখ সৌন্দৰ্য্য বৃদ্ধি হৈছিল ইত্যাদি বুৰঞ্জীত বিশদ ভাৱে আলোচনা আছে। তাত বিভিন্ন পুৰুষৰ চৰিত্ৰ অঙ্কিত আছে। জীৱন চৰিত পঢ়িলে যাৰ জীবন চৰিত পঢ়া যায় তেওঁৰ বিষয়হে জানিব পাৰি, কিন্তু বুৰঞ্জী অধ্যয়নৰ পৰা বিবিধ মানুহৰ চৰিত্ৰ একেলগে জনা যায়। কি বোৰ কথা মানি চলি বা কি প্ৰণালিৰে কোনো এটা জাতিয়ে কাম কৰি দেশত নানা বিষয় উদাতি সাধন কৰিব পাৰিছিল তাক বুৰঞ্জীৰ পৰা বুজ পাওঁ।

( ৩ )

 জগত উন্নতশিল। দিনকে দিনে জগতে উদ্গতিৰ ফালে গতি কৰিছে। পণ্ডিত সকলৰ মতে সকলো বিষয়ৰ উন্নতি যেতিয়া সমানভাৱে সম্পূৰ্ণ হবগৈ তেতিয়াহে সত্যযুগ মিলিব। গতিকে বুৰঞ্জী নহলে এটা জাতিয়ে উধাইছে নে নামিছে তাক ******* আকৌ অতীতৰ