পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
ক্ষমা৷

ভক্তি আৰু মৰম পায়। আনৰ দোষ ক্ষমা কৰি যেনেকৈ প্ৰীতিভাজন হয়, তেনেকৈ আনেও তেওঁৰ দোষ ক্ষমা কৰে। ক্ষমাই স সাৰত মৰম, প্ৰণয়, প্ৰীতিহে বৰ্ষে; জীৱন আনন্দময় কৰে, সংসাৰ স্বৰ্গ কৰে।

 ক্ষমাৰ যেনে অদ্ভুত শক্তি, ইয়াৰ প্ৰয়োগ তেনে দুষ্কৰ। ইয়াক প্ৰয়োগ কৰিব নাজানিলে ইয়াৰ পৰা বিষময় ফল পায়, সি তেতিয়া ক্ৰোধতকৈও গুৰুতৰ হয়, ক্ষমাই ক্ষমাৰ সাজ সলই ঘোৰ মূৰ্ত্তি ধৰে। আন বস্তু যেনে নিয়ম-প্ৰণালীৰ অধীন, ইয়ো তেনে অধীন। সেই নিয়মানুসাৰেহে প্ৰয়োগ কৰিলে ইয়াৰ প্ৰকৃত ফল পোৱা যায়। কেৱল ক্ষমাগুণ থাকিলেই মানুহ ক্ষমাশীল হব নোৱাৰে। কিমানে ইয়াৰ প্ৰয়োগ নাজানি মানৰ ঠাইত অপমান পাইছে, প্ৰীতিৰ ঠাইত অপ্ৰীতি লাভ কৰিছে আৰু ভীৰু কাপুৰুষ নাম পাইছে তাৰ অন্ত নাই। আচল ক্ষমাৱন্ত লোকে যতে ততে ইয়াক প্ৰয়োগ নকৰে। ইয়াৰ প্ৰয়োগ কৰাত তেওঁলোক সদাই সাৱধান। যত ক্ষমা কৰিলে নিজৰ মান লাঘৱ নহয়, বিপদত নপৰে আৰু বন্ধুত্ব গভীৰ হয় তাতেহে তেওঁলোকে বিবেচনা কৰি প্ৰয়োগ কৰে। ক্ষমা গুণতকৈ ইয়াৰ প্ৰয়োগহে বেচি লাগ- তিয়াল। যেয়ে ইয়াৰ প্ৰয়োগত বিচক্ষণ, তেওঁ ক্ষমাশীল, তেওঁ হে ক্ষমাৰ সকলো ফল লাভ কৰিছে আৰু নিৰাপদে কাল কটাইছে।

⸺⸻