পৰাক্ৰম। ইয়াৰ অভাৱ হলে মানৱ সমাজত প্ৰলয়
মিলিব, হিংসাই দেখা দিব, সুখ-শান্তি অদৃশ্য হব, নিকাৰে
আধিপত্য কৰিব। মুঠতে সংসাৰ নৰক হব।
মানৱ-জীৱন সমস্যাময়, জীৱনৰ আদিৰ পৰা অস্তলৈ সমস্যা। সমস্যা ভঙা নিচেই উজু নহয়, তাত জ্ঞান-বুদ্ধিৰ অশেষ আৱশ্যক হয়। মানৱ মনৰ গতি সদায় পোন বা ঠিক নাথাকে, তাত হকা বধা অনেক আছে। সমস্যাত সম্পূৰ্ণ পাৰ্গত হোৱা মানৱ-ক্ষমতাৰ অসাধ্য তাত ভুল-ভ্ৰান্তিয়ে সদাই দেখা দিব।
ক্ৰোধ ক্ষমাৰ প্ৰৱল ৰিপু। ক্ৰোধ ক্ষমাৰ মিলন নাই। ক্ৰোধৰ উদয় হলে ক্ষমা অস্ত যায়। ক্ৰোধে ক্ষমা কেনে নুবুজে, ক্ষমাই ক্ৰোধ নুবুজে। ক্ৰোধ এক ৰকম বাতুলতা। খং উঠিলে বাতুলতাৰ সকলো লক্ষণে দেখা দিয়ে, হিতাহিত নুবুজে, বিবেচনা নাইকিয়া হয়। সিহঁতে সমস্যাৰ কঠিনতা নুবুজে, নিজৰো ভৱিষ্যত নাভাবে; সিহঁত অবোধ মূৰ্খ। সিহঁতে নিজলৈ বিপদ আদৰি আনে আৰু সমাজতো বিস্তাৰ কৰে। কোনোৱে সমস্যাৰ চাকনৈয়াত উৱাদিহ নাপাই হঠাৎ কৰিব নলগীয়া কাম কৰিলে তাক সিহঁতে খঙ্গ কৰে, নসহে, প্ৰতিশোধ লবলৈ সদায় যত্ন কৰে। ক্ষমাশীল লোকৰ প্ৰকৃতি আন প্ৰকাৰ; তেওঁলোকে তাত খঙ্গ নকৰি ভৱিষ্যতে নকৰিবলৈ দিহা দিয়ে। তেওঁলোক বিবেকী, চিন্তাশীল, ধীৰ গম্ভীৰ; তেওঁলোকে মানৱজাতিৰ আৰ্হি। সকলোৰে পৰা