পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ক্ষমা।

 ভ্ৰম এটা জীৱনৰ বিঘিনি। বিপদ-আপদহে ইয়াৰ সঙ্গী; ইয়াকে সহায় কৰি ই সততে পথ আগচি ধৰে আৰু আহুকাল দিয়ে। ই মানৱ জাতিৰ চিৰ লগৰীয়া, ইয়াৰ পৰা মুক্ত হোৱা অসম্ভৱ। গভীৰ অজ্ঞান, অতুল বিদ্যাই ইয়াৰ তত্ত্ব পোৱা নাই ইয়াৰ আচৰণ প্ৰকৃতি সকলো অদ্ভুত। ইয়াৰ ৰহস্য ভেদিব মোৱাৰি কত মহাপুৰুষে বিপদত পৰিছে তাৰ সীমা নাই। কৰিব নলগীয়া কাম কৰি, কব নলগীয়া কথাকৈ কিমান জ্ঞানী বিদ্যাৱন্ত মানুহে আহুকাল পাইছে, তাৰ লেখজোখ নাই। ই মানৱ সমাজত নিতৌ ন ন আসোঁৱাহ বেমেজালি সৃষ্টি কৰে, ফলত হিংসা-অগ্নি জ্বলি উঠে, খিয়লা-খিয়লিয়ে ঘোৰ মূৰ্ত্তি ধৰে। ই স্বয়ং যেনে বিঘ্নি ইয়াৰ ফলো তেনে ভয়ঙ্কৰ।

 ইয়াৰ পৰা মুক্ত হোৱা অসম্ভৱ হলেও সংসাৰ দুখময়, জীৱন বিষময় বুলি ভবাতো অনুচিত। ই যেনে দুৰন্ত ইয়াৰ দমনৰো তেনে উপায় আছে। সেই উপায় ক্ষমা। ক্ষমাৰ সেকাত ই একেবাৰে সেও হয়। ক্ষমাই ইয়াৰ বল লাঘৱ কৰে, উদ্ভণ্ডালিৰ ঘাই প্ৰতিবন্ধক হয়। ক্ষমা সাগৰৰ পাৰৰ পৰ্ব্বত তুল্য; সাগৰৰ ঢৌৱে যেনেকৈ ফেনে-ফোটোকাৰে আহি পৰ্ব্বতত আঘাত কৰি মুহূৰ্ত্তে লয় পায়, তেনেকৈ ভ্ৰান্তিমূলক বিপদ-বিঘ্নিবোৰেও ক্ষমাতে জয় পৰে। ক্ষমাৰ দুৰ্জ্জয়