পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
চৰিত্ৰ

নহয়। এক শ্ৰেণীৰ লোকে আনৰ নিন্দা কৰি সদাই নিজক শ্ৰেষ্ঠ বোলাব খোজে কিন্তু এইটো জনা উচিত যে পৰক নিন্দা কৰিলে নিজে ভুঞ্জিব পায়। আনৰ কথাত হঁকা বধা জন্মাই পৰৰ দোষ খুচঁৰি ফুৰা কিম্বা লগনীয়া কথা যুঁজাই ফুৰা চৰিত্ৰবান লোকৰ কৰ্ম্ম নহয়। হিংসা, খং সদাই পৰিত্যাগ কৰিব লাগে। খঙ্গে মানুহক নগুৰ শাস্তি ভোগাই হাৰাশাস্তি কৰে৷ খঙ্গক বশ কৰিব পাৰিলে অসাধ্য সাধন যেন হয়। জগতত বহুতবোৰ অপায় অশান্তি খঙ্গৰ পৰাই উদ্ভব হৈছে। কেৱল মাথো শাসন কাৰ্য্যত, উদ্ধতৰ উদ্ধতালি কমাবলৈ, দাম্ভিকৰ দাম্ভিকালি খৰ্ব্ব কৰিবলৈ খঙ্গৰ প্ৰয়োগ। ক্ষমা চৰিত্ৰবান লোকৰ ভুষণ। ক্ষমাই এজনৰ চৰিত্ৰ বিশুদ্ধ কৰে। এজনক ক্ষমা কৰিলে ক্ষমোতা জনৰ গুণৰ জেউতি চৰে। সাধু সঙ্গ চৰিত্ৰবান হব খোজা লোকৰ পক্ষে আন এটি আৱশ্যকীয় বিষয়। সঙ্গই সৎলোককো অসৎ কৰে। সঙ্গ বাচি লওঁতে সদাই সাৱধান হব লাগে।

 সংসাৰত চৰিত্ৰৰ অভাৱত বহুজনে বহু প্ৰকাৰে নিকাৰ ভুঞ্জিছে। কোনোৱে ৰজাৰ দণ্ডিত ফাটেক খাতিছে, কোনোৱে সমাজৰ দণ্ডিত এঘৰীয়া হৈছে। কৰোবা আনৰ তিতা মাত খাওঁতে খাওঁতে জীৱন বিষতুল্য হৈছে। ধীৰ, উৎসাহী আৰু জুৰ প্ৰকৃতিৰ লোকক সকলোৱে বখানে। অধৈৰ্য্য, এলেহুৱা আৰু উগ্ৰ প্ৰকৃতিৰ লোকক সকলোৱে গৰিহণা দিয়ে। চৰিত্ৰত সোৰোপালি নাই, টিকচালি নাই, উদ্ভ- ন্দালি নাই কিম্বা মইমতালি নাই।