পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সন্ত আৰু দুষ্ট।


অসৎ জ্ঞান আছে আৰু সেই জ্ঞান অনুসৰি তেওঁলোকৰ কাৰ্য্য়কলাপ নিখুঁত আৰু নিভাঁজ, কিন্তু দুষ্টৰ জ্ঞানাজ্ঞান নাই। সিহঁতৰ কামৰ আদি নাই, শেহ নাই। সিহঁতৰ কাম সদায় খকা-মকা আৰু লৰা-ধপৰা; আৰু সেই গুণেই সিহঁতৰ কামৰ ফল চিৰস্থায়ী নহয়। দুষ্টৰ কাম কাজৰ ফল বাৰিষাৰ বান। বান ফেনে ফোতকাৰে ওফন্দি পৰ্ব্বতাকাৰ হৈ আহে, কিন্তু সেই বান আকৌ দুদিনতে কলৈ যায় তাৰ ঠিক নাইকিয়া হয়। সেইদৰে দুষ্টৰো ধন-জন, বয়-বস্তু, চাৰিওফালৰ পৰা দুদিনতে হো-হো কবে থোপ্ লাগে, কিন্তু সেই ধোপ্ লগা বস্তুৰ আকৌ দুদিনতে তলি উদং হয়। সম্ভৰ কাম কাজৰ ফল সাগৰৰ পানী। ইয়াৰ বঢ়াটুটাৰ চিন ধৰিব নোৱাৰি। বাঢ়িলে টুটি যায়, টুটি গ’লে বাঢ়ি আহে।

 সন্তৰ সংসাৰত সিদ্ধিলাভ কৰাৰ গুপ্ত উপায় কৰ্ত্তব্য জ্ঞান; দুষ্টৰ সিদ্ধিলাভৰ মহামন্ত্ৰ দুষ্টালি কাম। কৰ্ত্তব্য জ্ঞানেৰে সংসাৰত যিমান আগুৱাব পাৰি, দুষ্টালিৰে তাৰ ধনিষ্ঠামানো নোৱাৰি। ইতৰ প্ৰাণীৰ চকুত দুষ্টালিৰে ধূলি মাৰিব পাৰি, কিন্তু প্ৰশ্নকাৰী চকুৰ আগত দুষ্টালি ফুতে উৰি যায়। ভগবদগীতাৰ কৰ্ম্মযোগে সংসাৰত যিমান ও আসন দিব পাৰে, আত্মাৰ যিমান পৰিশুদ্ধি লাভ কৰাব পাৰে, দুষ্টৰ ডিটেকটিভ উপন্যাসে তাৰ সীমাতে ভৰি দিব নোৱাৰে। দুষ্টই দুষ্টালিৰে প্ৰশংসা লাভ কৰে কেৱল দুষ্টৰ মাজত, কিন্তু সন্তই প্ৰশংসা আৰু সোণৰ আসন লাভ কৰে দুষ্ট আৰু সন্ত উভয়েৰে