হ’ব নোৱাৰা লোকৰ কেইবা শ্ৰেণীও আছে। তাৰে এক শ্ৰেণী
হৈছে দুষ্ট। দুষ্টই সংসাৰ চক্ৰ বুজি টলা-নলা মাৰি যথাৰ্থতে
জয়ী হ’ব নোৱাৰে। কিন্তু নিজৰ দুষ্টালিৰে আৰু ফিকিৰালিৰে
ফিকিৰ পাতি সংসাৰত জয়লাভ কৰা আৰু অমিয় সুখত বঞ্চি
থকাৰ ভাও ধৰে। ফিকিৰালিয়ে গা আগুৰি থাকে মানেহে
ফিকিৰ থাকে মানেহে দুষ্টৰ সংসাৰত জয়লাভ। কিন্তু যি
ফিকিৰ, সি সদায় ফিকিৰ। যি দুষ্ট, সি জাতে পাতে দুষ্ট।
যি ফটা, সি সদায় ফটা। হাজৰে সিয়নি মাৰক, হাজাৰে
তাপলি দিয়ক, ফটা নফটা নহয়। দুষ্টৰো সংসাৰক জয়লাভ
ঠিক তেনেকুৱা। তাৰ সংসাৰ জয়লাভ খন্তেকীয়া, পাল মৰা
আৰু একালৰ বাবে। কিন্তু যি সকলে যথাৰ্থই সংসাৰৰ পাকে
পাকে, মেৰে মেৰে প্ৰৱেশ কৰি সংসাৰৰ টলা-নলা মাৰি জয়ী
হয়, তেওঁলোকেই বাস্তৱতে যথাৰ্থ পুৰুষ, তেওঁলোকেই সন্ত
পুৰুষ। এই সন্ত পুৰুষ সকলৰ সংসাৰৰ জয়লাভ চিৰকলীয়া
আৰু সৰ্ব্বতিকলীয়া। এই গুণেই মানৱ সমাজত প্ৰচলিত,
“দুষ্টৰ একাল, সন্তৰ সৰ্ব্বতিকাল।”
অসৎ পথত থাকি অসৎ উপায়েৰে লাখপতি হোৱাত কৈ সৎ পথত থাকি সৎ উপায়েৰে দৰিদ্ৰ হোৱা শ্ৰেষ্ঠকৰ। দৈনিক জীৱনত কত হাজাৰ হাজাৰ সৎ অসৎ ঘটনা ঘটিব লাগিছে। বাস্তৱতে চাবলৈ গলে তাৰ কেইজনে অসৎ উপায় অৱলম্বন কৰি কেইদিনলৈ মানুহ বোলাইছে, কেইদিনলৈ ভাতে ভৰালে খাই আছে? দূৰলৈ নগৈ ছাত্ৰ-সমাজতে জল্-জল্ পট্-পট্