পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/১৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪১
স্বাস্থ্য আৰু প্ৰাৰ্থনা।

 ব্যায়াম—নিতৌ আমি ব্যায়াম বা শাৰীৰিক শ্ৰম কৰিব লাগে। ব্যায়ামে শৰীৰ আটিল আৰু দুখ সহিব পৰা কৰে। ব্যায়াম কৰিলে শৰীৰৰ তেজ চলাচল হয় আৰু নতুনকৈ কামত ধৰিবলৈ উদ্যম আহে। নিয়মীয়া ব্যায়ামৰ অভাবত শৰীৰত ৰোগ জন্মে। ব্যায়াম কৰাক হিন্দুস্থানীত কুস্তি কৰা বোলে। লৰা ঢপৰা জপিওৱা, ফুৰা চকা বেতবল ফুতবল খেলোৱা, হাউ খেলোৱা, ঢোপ খেলোৱা; গছ কুপতি, খেলোৱা লৰোতে হৰাজিকা খেলোৱা ইত্যাদি শ্ৰম শৰীৰৰ পক্ষে বৰ উপকাৰী। কুস্তি কৰিবৰ মন হলে কুস্তিত পাৰ্গত শিক্ষক বা ওস্তাদৰ তলত শিক্ষা কৰিহে এই ব্যায়াম কৰিব লাগে। কিয়নো উলামুলাকৈ মেয়ে সেয়ে এই শিক্ষা কৰিলে শৰীৰত দুখ পাবৰ আশঙ্কা আছে। ব্যায়াম কৰি মানুহে অসাধ্য সাধন কৰিব পাৰিছে। আঢ়ৈ কুৰি মোন গধুৰ শিল বুকুত তুলি লোৱা, চলি থকা মতৰ গাৰী টানি ৰখা বা লোৰ শিকলি গাৰ বলেৰে চিঙ্গি পেলোৱা কাম ব্যায়ামৰ বলেৰেহে সিদ্ধি হব পাৰিছে। ব্যায়াম কৰিলে মানুহৰ মনত কোনো কুচিন্তা নাহে। ৰাতি ভাল টোপনি হয়। টোপনিয়ে শৰীৰৰত নতুন বল আৰু নতুন তেজ দিয়ে। ব্যায়ামে নিদ্ৰাদেবীক মাতি আনে। ব্যায়াম আৰু নিদ্ৰা দুয়ো লগৰীয়া। অৰ্থাৎ ব্যায়াম কৰিলে ভাল টোপনি হয়।

 ওপৰত দিয়া নিয়ম বোৰ পালন কৰাৰ পৰিবৰ্ত্তে আমি সদায় সকলো বিষয়তে পৰিষ্কাৰ থকা যুগুত। পবিত্ৰতা আৰ শুদ্ধতা বৰ আৱশ্যকীয়। সদায় সজ আলোচনা, সদগ্ৰন্থ পাঠ, সৎলোকৰ