ৰাগীয়াল বস্তু—কাণি মদ, ভাং ইত্যাদিক ৰাগীয়াল বস্তু বোলে। আফিং খোৱা মানুহে কাণীয়া নাম পায়। তেনেকৈ মদ খোৱাই মদাহী আৰ ভাং খোৱাই ভঙ্গুৱা নাম পায়। ভাল মানুহে এই তিনিও শ্ৰেণী লোককে ঘিণ কৰে। এই বোৰ বস্তুৱে শৰীৰৰ কেনো উপকাৰ নকৰে। কেবল সাময়িক শৰীৰৰ উত্তেজনাহে আনে। প্ৰথমতে এই উওেজনাৰ নিমিত্তে ৰাগীয়াল বস্তু খাওতে অভ্যাস হৈ পৰে। শেহত ৰাগীৰাল বস্তু নাখালে কোনো কামতে হাত দিব নোৱাৰা হয়। ৰাগিৰ নিমিত্তে মানুহে ঘৰৰ সৰ্ব্ব সম্পত্তি বেচি কিনি লাং ঠাং হয়। নিজৰ লৰা তিৰোতাৰ সৰ্ব্বনাশ কৰি বাটৰ ভিকহু হয়। আৰু কেতিয়াবা অতিপাত ৰাগীয়াল বস্তু খোৱাঁৰ ফলত উৎকত বেমাৰ ভূগি অশেষ নিকাৰ ভূঞ্জে আৰু প্ৰতি মুহুৰ্ত্তে মৰণ হলে ভাল পোৱাত পৰে। অন্যান্য আহাৰে শৰীৰত বহু শক্তি দিয়ে। কিন্তু ৰাগীয়াল বস্তু মুখত যেনে পেটতো তেনে থাকে। শৰীৰত ই কোনো উপকাৰ নকৰে। ৰাগি থকা শ্ৰেণীৰ বস্তু যেন চাহ কফি আদিও পাৰিলে এৰিব পাৰিলে ভাল। ধপাত চিগাৰেত আদিও শৰীৰৰ অনিষ্টকৰ। ৰাগীয়াল বস্তুৰ উপকাৰ কেবল ঔষধত হে। ঔষধ স্বৰূপে ৰাগীয়াল বস্তুৱে শৰীৰত উপকাৰ দিয়ে। ডাক্তৰ কবিৰাজৰ পৰামৰ্শ মতে ৰাগীয়াল বস্তু বা মাদক দ্ৰব্য কোনো সময়ত ব্যবহাৰ কৰাত বাধা নাই। সেই বুলি ৰাগীয়াল বস্তু সদাই ব্যবহাৰ কৰি অভ্যাসত পৰিণত কৰিব নালাগে।
পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/১৪৮
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪০
সাহিত্য-সম্পদ।