পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/১৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৭
স্বাস্থ্য আৰু প্ৰাৰ্থনা।

শৰীৰৰ সকলো কৰ্ম্ম সুচাৰুৰূপে সম্পন্ন নহয়। যেনেকৈ কোনো অংশ বেয়া হলে তাক চলাই থাকিলে কেইদিনমানৰ পাচত গোটেই যন্ত্ৰটী অকামিলা হয় তেনেকৈ শৰীৰ যন্ত্ৰৰ অলপ বেয়া হলেই তাৰ সাৱধান নোলোৱাকৈ চলাই থাকিলে শৰীৰক অকামিলা কৰি অবশ কৰিব পাৰে।

 শৰীৰক নিৰোগীকৈ ৰাখিবলৈ হলে আমি কেতবোৰ বিষয়ত বৰ সাবধান হব লাগে। যেনে,—নিৰ্ম্মল বায়ু, নিৰ্ম্মল পানী, বিশুদ্ধ আহাৰ, ৰাগীয়াল বস্তু আৰু ব্যায়াম বা নিয়মিয়া শ্ৰম।

 নিৰ্ম্মল বায়ু—বায়ু নহলে আমি এখন্তকো জীয়াই থাকিব নোৱাৰো। আহাৰ নহলে বা পানী নাখালে মানুহ জীয়াই থাকিব পাৰোঁ কিন্তু বায়ু নহলে এক মুহুৰ্ত্তও কোনো জীয়াই নাথাকে। আমি নাকে মুখে সোপা মাৰি ধৰি হয়তো অলপপৰ থাকিব পাৰো তাৰ কাৰণ শৰীৰৰ অসংখ্য জলা বা নোমৰ গুৰিয়েদি বতাহ যায়। এই বায়ু সদাই নিৰ্ম্মল হব লাগে। স্বাস্থ্যবিদ পণ্ডিত সকলে স্থিৰ কৰিছে যে যি কেইটা বস্তু বায়ুত থাকে সেই কেইটা বস্তু বেগতে দোষিত হয়। সেইবাবে সদাই নিৰ্ম্মল বায়ুৰ আৱশ্যক। আমি শোৱা কোঠা বা আমাৰ থকা ঘৰ মুকলি হব লাগে যাতে সদাই বতাহ চলাচল কৰিব পাৰে। এনে ঘৰহে বাসৰ উপযোগী। পুৱা গধুলি নৈৰ দাতিত বা মুকলি ঠাইত নিৰ্ম্মল বায়ু লব লাগে। বেয়া গেলা পচা ঠাইত বা যত বায়ু দোষিত তেনে ঠাইত ফুৰিব নালাগে। কিয়নো বতাহত বহুত বেমাৰৰ বা দে