স্বাস্থ্য আৰু প্ৰাৰ্থনা
স্বাস্থ্য পৰম ধন। স্থাস্থ্য নহলে কোনো কাজেই সিদ্ধি নহয় ৰোগীয়া বা ঘূনীয়া দেহেৰে কোনেও সুকলমে সংসাৰ যাত্ৰা নিৰ্ব্বাহ কৰিব নোৱাৰে। নিৰোগী হৈ থাকি কাম কৰিবলৈ সক্ষম হৈ থকা অৱস্থাকে স্বাস্থ্য বোলে। যাৰ শৰীৰৰ এটা নহয় এটা ৰোগ নুগুছে তাৰ কৰ্ম্ম কৰিবলৈ সদাই নিৰুৎসাহ। তাৰ নিজৰ ৰোগ চিকিৎসা কৰোতেই দিন যায়। পৰম পিতা পৰমেশ্বৰৰ এইটো ইচ্ছা নহয় যে তেওঁৰ সৃষ্ট জীৱবোৰ সংসাৰত জলা কলা হৈ নানা ৰোগ ব্যাধি যন্ত্ৰণা ভুগি নগুৰ শাস্তি খাওক। তেওঁ সৃষ্টি বা প্ৰকৃতিত কেতবোৰ নিয়ম বান্ধি দিছে। সেই নিয়ম প্ৰণালীবোৰ মানি চলিলেই স্বাস্থ্য আৰু তাৰ ইফাল সিফাল হলেই শৰীৰত ৰোগ। শৰীৰত ৰোগ বা দুঃখ কষ্ট হলে এইটো জানিব লাগে যে দুখ বা কষ্ট সুখৰ আগজাননী। শৰীৰত কোনো বিষয় বেমেজালি ঘটিলে বা শৰীৰ যন্ত্ৰত কোনো প্ৰকাৰৰ গৰমিল ঘটিলে দুখ কষ্টে কৈ দিয়ে যে শীঘ্ৰে শৰীৰক মেৰামত কৰি ভাল কৰি লোৱা। শৰীৰটো এটা যন্ত্ৰৰ নিচিনা। যেনেকৈ এটা যন্ত্ৰৰ অনেক ভাগ বা অংশ আছে মানুহৰ শৰীৰৰ যন্ত্ৰটো অনেক অবয়ব আছে। যেনেকৈ যন্ত্ৰৰ কোনো ঠাইত আঁৰ লাগিলে যন্ত্ৰটী নিৰ্ব্বিবাদে নচলে তেনেকৈ শৰীৰ যন্ত্ৰত আঁৰ লাগিলে