পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/১৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জয়মতী।

নানান ফন্দিৰে ৰজা, হল লৰা ৰাজা,
শাসিব আমাৰ যত, অসমৰ প্ৰজা,
জানোচা তেওঁকো ভাঙ্গে, আৰু কোনোবায়,
ভাবিয়ে নানান বুধি, কৰিলে সদায়।

যতেক কোৱঁৰ আনি, নানা ছল কৰি,
অঙ্গক্ষত কৰোৱালে, সকলোকে ধৰি,
ঘূনীয়া দেহেৰে কেৱে, নোৱাৰে ভুগিব
আহোমৰ ৰাজপাট, কদাপি লভিব।

ৰজাৰ ফিকিৰ বুজি লাঙ্গি গদাপাণি,
পলাল নিদিলে ধৰা গল কেনিবাদি,
দিহাদিহি লোক পল, গদাক বিচাৰি,
নেপালে সম্ভেদ কেৱে অকণো এফেৰি।

নিৰাশ নিস্ফল মনে, লৰা নৃপবৰে,
ভাবিলে গদাৰ বাৰ্ত্তা পাঁও কিনো দৰে,
গদাৰ সম্ভেদ আৰু আনে জানে কোনে,
তেঁওৰে পৰম ভাৰ্য্যা, জয়মতী বিনে।

আলচি ইদৰে নৃপে, কৰিলে আদেশ,
জয়মতী দিব লাগে, সম্ভেদ বিশেষ,
“জানিও নকওঁ” বুলি, পতিৰ বাতৰি,
ইদৰে উত্তৰ দিলে, গদাৰ কুঁৱৰী।