পাতি যায়। বাস্তবিক কাৰ্য্য কলাপতহে মহাপুৰুষ সকলৰ গুণ প্ৰকাশ পায়। অমূল্য ধৰ্ম্ম ৰত্নমালা উপযুক্ত বংশধৰ নথকাত জ্ঞানী শিষ্য এজনৰ মূৰত স্থাপন কৰাতকৈ আৰু কিবা বিশিষ্ট ন্যায়পৰায়ণতাৰ উদাহৰণ দিব পাৰি নে?
দেৱদামোদৰে নিজহাতে কোনো পুথি ৰচনা কৰা বুলি আজিলৈ জানিব পৰা নাই। কিন্তু শিষ্যসকলৰ হাতে “কথা ভাগৱত” আদি শাস্ত্ৰ ৰচনা কৰি তেওঁ মানৱ সমাজত বৈষ্ণৱ ধৰ্ম্ম প্ৰচাৰ কৰিছিল। বৈষ্ণব ধৰ্ম্মৰ গূঢ় তত্ব সকল সহজে আৰু অলপ কথাৰে মানুহক বুজাবৰৰ অভিপ্ৰায়ে তেওঁ ভাগবত আদি শাস্ত্ৰ কথাচ্ছন্দে ভাঙ্গনি কৰিবলৈ তেওঁৰ প্ৰধান শিষ্য ৺ভট্টবেৱক আদেশ কৰে। গুৰুৰ আদেশ শিৰত লৈ ৺ভট্টদেবে ভাগৱত, ভগবদগীতা, ভক্তিবিবেক, ৰত্নাৱলী আৰু শৰণ সংগ্ৰহ আদি শাস্ত্ৰ সকল কথাচ্ছন্দে ভাঙ্গনি কৰে। তেওঁৰ ভাঙ্গনি ভাগৱত, আৰু ভগবদগীতা ‘কথা ভাগৱত’ আৰু ‘কথা-গীতা' বুলি প্ৰখ্যাত। এই গ্ৰন্থ দুখনেই অসমীয়া সাহিত্যৰ আদি গদ্য গ্ৰন্থ বুলি আজিলৈকে ধৰা হৈছে। সেই কাৰণে ৺ভট্টদেৱক অসমীয়া গদ্য গ্ৰন্থৰ সৃষ্টি কৰ্ত্তা বিলাকৰ এজন বুলিলেও বঢ়াই কোৱা নহয়। এই ‘কথাভাগৱত’ আৰু কথা-গীতা অসমীয়াৰ বৰ আদৰৰ বস্তু। অসমীয়া সাহিত্যৰ গৌৰৱৰ বস্তু। এতিয়াও অসমীয়াৰ ঘৰে ঘৰে এই গ্ৰন্থ দুখনে পুৰণি অসমীয়া গদ্যৰ আৰু বৈষ্ণৱ ধৰ্ম্মৰ চিনাকি দি উজ্জল ৰত্ন হৈ জ্বলি আছে।