পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/১৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৯
শ্ৰীদামোদৰদেৱ।

বৈকুণ্ঠদেৱে দেৱদামোদৰৰ ধৰ্ম্ম ব্যাখ্যা শুনি আজ তেওঁৰ ঐশ্বৰিক তেজৰ শক্তি দেখি আচৰিত মানিছিল। পিচে দেৱদামোদৰক গুৰু মানি শৰণ ধৰ্ম্ম লয়। এইজন পণ্ডিত বৈকুণ্ঠদেবেই সুপ্ৰসিদ্ধ ৺ভট্টদেৱ। এওঁ দেৱদামোদৰৰ প্ৰিয়তম আৰু প্ৰধান শিষ্য আছিল। ইয়াৰ অলপ পিচত উজনি বংশীদেৱ বা বংশীগোপাল দেৱ নামে শুদ্ধমতি ব্ৰাহ্মণ এজনে শৰণ ধৰ্ম্ম গ্ৰহণ কৰিবলৈ দেৱদামোদৰৰ ওচৰলৈ আহে। দেৱদামোদৰে বংশী গোপালৰ ধৰ্ম্মৰ প্ৰতি আগ্ৰহ দেখি শৰণ ভজন আদি শিক্ষা দিলে। তেওঁৰ ধৰ্ম্মত মতি দেখি উজনিৰ অঞ্চলত ধৰ্ম্মাধিকাৰ পাতে আৰু সত্ৰ স্থাপন কৰি লোকক ধৰ্ম্ম উপদেশ দিব আদেশ কৰে। গুৰুৰ আদেশশী শিৰত লৈ বংশীগোপালদেৱে ধৰ্ম্ম উপদেশ দিব ধৰিলে। এওঁ উজনিত কেবাখনো সত্ৰ স্থাপন কৰে।

 ৮৫ বছৰ বয়সত দেৱদামোদৰে কোচবিহাৰলৈ যাত্ৰা কৰে। সেই সময়ত প্ৰৱল প্ৰতাপী ৰজা নৰনাৰায়ণৰ পুত্ৰ লক্ষ্মীনাৰায়ণে কোচবিহাৰত ৰাজত্ব কৰে। তেওঁ দেৱদামোচৰৰ ধৰ্ম্মৰ মাহাত্ম্য দেখি শিষ্যত্ব গ্ৰহণ কৰে আৰু ৰজাই দেৱদামোদৰৰ ধন সম্পত্তি আৰু ভূমিবৃত্তি দান কৰে। ৰজাৰ গুৰু হৈ ধন সম্পত্তি গ্ৰহণ কৰাৰ কাৰণে আজি কালি দামোদৰীয়া সত্ৰবিলাক আঢ্যৱন্ত। লক্ষ্মীনাৰায়ণ ৰজাই “ভিতৰুৱা-ধপাত” দেৱদামোদৰক এখন সত্ৰ পাতি দিয়ে। কোচবিহাৰৰ পৰা দেৱদামোদৰে ভাটিৰ ফালে আন আন ঠাইলৈ গৈও ধৰ্ম্ম