পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/১৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৭
শ্ৰীদামোদৰদেৱ।


দিযে। অতি অলপ সময়ৰ ভিতৰত গীতা ভাগবত আদি শাস্ত্ৰৰ পৰা জ্ঞান লাভ কৰি দেৱ-দামোৰ সকলো শাস্ত্ৰত পাৰ্গত হ’ল। শাস্ত্ৰ জ্ঞানৰ লগে লগে তেওঁৰ মন সৰু কালৰে পৰা ঈশ্বৰৰ ফালে ঢাল খাইছিল। সদাননন্দই পুত্ৰৰ জ্ঞান পথ মুকলি বিবাহ আদি কাৰ্য্যও শেষ কৰিলে। ইয়াৰ পাছত তেওঁৰ পৰকাল হয় আৰু অৱশেষত সুশীলা দেৱীও পতিৰ পথ অনুসৰণ কৰে। এই সময়ত আহোম ৰজাই ভুঞা সকলৰ ওপৰত উপদ্ৰৱ কৰাত শ্ৰীশঙ্কৰদেৱ কামৰূপলৈ ভটিয়াই আহোঁতে শ্ৰীদামোদৰদেৱকো লগ ধৰিছিল। কিন্তু তেওঁৰ মাতৃৰ অশৌচ থকাৰ কাৰণে শঙ্কৰদেৱৰ লগত আহিব নোৱাৰিলে। পিচে মাতৃদেৱীৰ শ্ৰাদ্ধাদি কাৰ্য্য সমাপন কৰি তেওঁ কামৰূপলৈ আহে। কামৰূপত শ্ৰীশঙ্কৰৰ ধৰ্ম্ম ব্যাখ্যা শুনি তেঁও বৰ সন্তোষ পায় আৰু ভাগৱতী ধৰ্ম্ম চৰ্চ্চা কৰিবলৈ তেওঁৰ ইচ্ছা জন্মে। ক্ৰমে ভটিয়াই আহি শ্ৰীদামোদৰদেৱ ৰত্নেশ্বৰ গাঁওত থাকে।

 বহুত শাস্ত্ৰজ্ঞান লাভ কৰি, অনেক সাধু সঙ্গ পাই আৰু জ্ঞানী লোকৰ পৰা নানা তৰহৰ ধৰ্ম্ম ব্যাখ্যা শুনি দেৱদামোদৰৰ ঈশ্বৰৰ প্ৰতি প্ৰগাঢ় ভক্তি জন্মে। অৱশেষত ব্ৰহ্ম চিন্তাৰ বলত আৰু ধ্যান ধাৰণাৰ গুণত তেওঁ অমূল্য আত্মতত্ব লাভ কৰে। এনে আত্ম দৰ্শন সকলোৰে ভাগ্যত নঘটে এই আত্ম তত্ব লাভ কৰাৰ পৰা তেওঁৰ মন উজ্জ্বল হয় আৰু এটি নতুন জীৱন লাভ কৰে।