পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/১৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শ্ৰীদামোদৰদেৱ।

 (১৪০০) চৈধ্য শ শকৰ শেষ ভাগত বৰ্ত্তমান কামৰূপ জিলাৰ আন্তৰ্গত হাজোৰ ওচৰৰ ৰত্নেশ্বৰ গাওঁত সদানন্দ নামে এজন সচ্চৰিত্ৰ ব্ৰাহ্মণ আছিল। তেওঁৰ পত্নী ধৰ্ম্মশীল ব্ৰাহ্মণৰ কন্যা সুশীলা দেৱী। পিচে তেওঁলোক নগাঁও জিলাৰ অন্তৰ্গত নলচা গাঁওলৈ আহে। সেই সময়ত শ্ৰীশঙ্গৰদেৱ বৰদোৱাত আছিল। শ্ৰীশঙ্কৰ আৰু সদানন্দৰ মাজত বৰ প্ৰীতি ভাৱ আছিল। শ্ৰদামোদৰদেৱ জন্মাৰ আগেয়ে সদানন্দৰ দুটি পুত্ৰ জন্মে। তাৰে এজন অপুত্ৰক আৰু আন জনৰ বংশ পৰিয়ালে এতিয়াও কামৰূপৰ খটীয়া মাৰি আৰু গোৱাল পাৰাৰ কঠাল মুৰি, চপলে আদি ঠাইত সত্ৰৰ অধিকাৰ হৈ বিদ্যমান আছে। চৈধ্য শ দহ (১৪১০) শকৰ শুভক্ষণত সুশীলদেৱীৰ গৰ্ভত দামোদৰদেৱ জন্ম গ্ৰহণ কৰে। এওঁৱেই মহাপুৰুষ শ্ৰীদামোদৰদেৱ বন্ধুবৰ সদানন্দৰ নুমলীয়া পুতেকৰ জন্ম বাৰ্ত্তা পাই শঙ্কৰদেৱে মনত বৰ ৰং পালে আৰু তেওঁক চাবলৈ বৰদোৱাৰ পৰা নলচা গাঁওলৈ আহে। তালৈ গৈ নৱজাত শিশুৰ মুখত মহাপুৰুষৰ চিন দেখা পাই শ্ৰীশঙ্কৰৰ মুখৰ পৰা ‘দামোদৰ' শব্দটি বাহিৰ হ’ল’ আৰু সেই কাৰণে সদানন্দই পুত্ৰৰ নাম দামোদৰ ৰাখিলে। সদানন্দই যথা সময়ত উপনয়নাদি বৈদিক ক্ৰিয়া সমাপন কৰি দামোদৰক শাস্ত্ৰজ্ঞান দিবলৈ কলাপ-বল্লভ পণ্ডিতৰ গাত ভাৰ