পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/১২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২১
ৰামচন্দ্ৰৰ প্ৰতি ভৰতৰ উক্তি।

জন্তুক শাসন কৰিম। তুমি আনন্দচিত্তেৰে অপোনা অনুপম নগৰলৈ যোৱাঁ, মই অৰণ্যত প্ৰবেশ কৰোঁ। তোমাৰ মূৰৰ ওপৰত ৰাজছত্ৰে সুৰ্য্যৰ তাপ গুচাই শীতল ছাঁ দিওক; আৰু এই হাবিত থকা গছৰ ছাঁই ৰদৰ তাপৰপৰা মোক ৰক্ষা কৰিব। অসীম বুদ্ধি আৰু নীতিজ্ঞ শত্ৰুঘ্নে পৰামৰ্শৰ দ্বাৰা তোমাৰ সহায়তা কৰিব, আৰু মোৰ পৰীক্ষিত বন্ধু লক্ষ্মণ মোৰ সহায় হব। হে ভৰত! শোক ন কৰিবা। আমাৰ চাৰি ভাইৰ যত্নৰ দ্বাৰা আমাৰ পিতৃৰ অঙ্গীকাৰ সফল হব। ধন্য ৰামচন্দ্ৰ। পিতৃ-ভক্তি আৰু অঙ্গীকাৰ-ৰক্ষাৰ শেষ সীমা দেখাইছা।