পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/১২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২০
সাহিত্য-সম্পদ।

কৰিছিল। তাৰ পাচত দেৱাসুৰৰ তেওঁ দেৱতাবিলাকৰ ফলীয়া হৈ ৰণ কৰোঁতে ঘাইল হোৱাত তোমাৰ মাতৃয়ে যি শুশ্ৰূষা কৰে, তাৰ দ্বাৰা সন্তুষ্ট হৈ তেওঁৰ বাঞ্ছিত বৰ দিবৰ নিমিত্তে পুনৰায় প্ৰতিজ্ঞা কৰে। তোমাৰ মান্যৱতী মাতাই এতিয়া সেই প্ৰতিজ্ঞা সোৱাঁৰাই দুটা বৰ খোজে,—প্ৰথমটো এই যে, ৰজাই যেন তোমাক ৰাজ্য দিয়ে, আৰু দ্বিতীয়টো এই যে, মোক যেন তেওঁ বনলৈ খেদায়।

 ৰাজা প্ৰতিজ্ঞাত আবদ্ধ থকাৰ গুণে এই দুই প্ৰাৰ্থনাৰ বিৰোধে আচৰণ কৰিব নোৱাৰি সেই কথাত মান্তি হল। এতেকে পিতৃৰ আজ্ঞাত মই এই ঠাইত থাকিব লগীয়া হৈছোঁ। পিতৃয়ে তোমাৰ মাতৃৰ আগত যি অঙ্গীকাৰ কৰিছিল, তাৰ পালনৰ নিমিত্তে মই চৈধ্য বছৰ বনত থাকিব লাগে; এই কাৰণেই ভাই লক্ষ্মণ আৰু ভাৰ্য্যা সীতাক লৈ এই হাবিলৈ আহিছোঁ, আৰু পিতৃৰ আজ্ঞা অৱশ্যে পালন কৰিম। তুমিও সেই ৰূপেই শীঘ্ৰে ৰাজা হৈ তেওঁৰ বাঞ্ছা পূৰ কৰিব লাগে। হে মোৰ ভাই ভৰত! মোৰ কথা লোৱাঁ, আমাৰ পিতৃক অঙ্গীকাৰ-স্বৰূপ ধাৰৰ পৰা মুক্ত কৰাঁ। তুমি ধৰ্ম্ম-নজনা নোহোৱাঁ; এতেকে পিতা মুক্ত কৰাঁ, আৰু মাতাকো সন্তোষ দিয়াঁ। অযোধ্যালৈ উলটি যোৱা, এবং শত্ৰুঘ্ন আৰু ব্ৰাহ্মণবিলাকে সৈতে লগ লাগি প্ৰজাবিলাকৰ সুখ-বৃদ্ধি কৰাঁগৈ মই এতিয়াই সীতা আৰু লক্ষ্মণেৰে সৈতে দণ্ডকাৰণ্যত সোমাম। হে ভৰত! তুমি মানুহৰ ওপৰত ৰাজত্ব কৰাঁ গৈ, মই বনৰীয়া