পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/১২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৮
সাহিত্য-সম্পদ।

আৰু পিতৃৰ কু কৰ্ম্মক প্ৰখ্যাত ন কৰিব , কিয়নো তাকে কৰিলে আপুনি সকলোৰে নিন্দাৰ পাত্ৰ হব। হে বীৰ! মোক আৰু মোৰ মাতৃ কৈকেয়ীক ত্ৰাণ কৰোক। পিতৃৰ নাম-ৰক্ষা, আৰু আমাৰ মিতিৰ, কুটুম আৰু প্ৰজাবিলাকক প্ৰতিপাল, কৰা আপোনাৰ উচিত। ক্ষত্ৰিয়ৰ বনবাস কেনে অসঙ্গত। যি লোকে প্ৰজাক পালন কৰিব লাগে, জটাৰ ভাৰ বৈ আৰু বাকলিবসন পিন্ধি হাবিত থকা, তেওঁৰ কেনে অযুগুত। এতেকে পিতাৰ তেনে আজ্ঞা মান্য ন হয়।

 ধৰ্ম্ম-শাস্ত্ৰৰ নিয়ম অনুসাৰে সিংহাসনত উঠি প্ৰজাপালনকৰা ক্ষত্ৰিয়ক প্ৰধান কৰ্ম্ম। কোন ক্ষত্ৰিয় ইমান ভ্ৰান্ত হব পাৰে যে, পৰোপকাৰ কৰিবৰ বৰ্ত্তমান, নিশ্চিত আৰু স্থিৰ উপায়ক ত্যাগ কৰি অনিশ্চিত আৰু আশঙ্কা-যুক্ত ভবিষ্যৎ উপায়লৈ আশা কৰিব? যদি শাৰীৰিক ক্লেশ সহি, কষ্ট-সাধ্য কৰ্ম্ম কৰিবৰ আপোনাৰ ইচ্ছা হৈছে, তেন্তে আপুনি ন্যায় অনুসাৰে চতুৰ্ব্বৰ্ণ প্ৰজাৰ প্ৰতিপালন কৰাত ঘি দুখ হয়, তাক গ্ৰহণ কৰি আপোনাৰ বাঞ্ছা পূৰাওক। নীতিজ্ঞ পণ্ডিতসকলে কৈছে যে, চাৰি আশ্ৰমৰ ভিতৰত গৃহাশ্ৰম শ্ৰেষ্ঠ। আপুনি কিয় সেই আশ্ৰম এৰিবৰ ইচ্ছা কৰিছে? মই বয়সে আপোনাতকৈ সৰু আৰু জ্ঞানতো নীহ , এতেকে আপুনি থাকোঁতে মই কেনেকৈ ৰাজ্যৰ ভাৰ লম? মোৰ বুদ্ধি অপৰিপক্ক, উপযুক্ত গুণো নাই, পদতো আপোনাৰ তলতীয়া; এই বিলাক কাৰণৰ নিমিত্তে আপুনি নোহোৱাকৈ জন-সমাজত থাকিবলৈ মোৰ সাহ ন