এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১২
সাহিত্য-সম্পদ।
নানা চেষ্টা, নানা ছল কৰিও কালিদাসক হেৰুৱাব নোৱাৰি অৱশেষত নিজে হাৰ মানিলে। আৰু কালিদাসৰ শ্ৰেষ্ঠত্ব দেখুৱাৰৰ গুণে এই কবিতা আবৃত্তি কৰিছিল[১] :—
ফুলৰ ভিতত জাতি ফুল, নগৰৰ ভিতৰত কাঞ্চী, ৰমণীৰ ভিতৰত ৰম্ভা, পুৰুষৰ ভিতৰত বিষ্ণু, নদীৰ ভিতৰত গঙ্গা, ৰজাৰ ভিতৰত ৰাম, কাব্যৰ ভিতৰত মাঘ, কবিৰ ভিতৰত কালিদাস শ্ৰেষ্ঠ।
এনেকৈ কবিকুল শিৰোমণি কালিদাসে চাৰিওপিনে শ্ৰেষ্ঠত্ব লভিছিল। তেওঁ ভাবৰ মাধুৰ্য্যত, ভাষাৰ লালিত্যত অদ্বিতীয় হৈ উঠিছিল। বিদ্যাৰ প্ৰভাৱে তেওঁৰ নাম চিৰ- স্মৰণীয় কৰি তুলিছিল। তেওঁ সংস্কৃত সাগৰ মথি জগতত কাব্য আৰু নাটকেৰে উচ্চতম আৰ্হি থৈ গল।
⸻
- ↑
পুষ্পেষু জাতি, নগৰেষু কাঞ্চী,
নাৰীষু ৰম্ভা, পুৰুষেষু বিষ্ণুঃ,
নদীবু গঙ্গা, নৃপতিষু ৰামঃ
কাব্যেষু মাঘঃ কবি কালিদাসঃ।