পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/১১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১১
কালিদাস।

দিত্যৰ সভা উজ্জ্বল কৰি আছিল। বৰৰুচিয়ে কালিদাসক সদায় বিদ্বেষৰ চকুৰে চাইছিল বৰৰুচিয়ে নিজে ভাবিছিল যে, তেওঁ কালিদাসতকৈ শত গুণে শ্ৰেষ্ঠ। এই ভাবে তেওঁক বৰ গৰ্ব্বী কৰিছিল। ৰজা-প্ৰজা সকলোৱে বৰৰুচিৰ এই ভাব জানিব পাৰিলে। পিচত ৰজা বিক্ৰমাদিত্যই তাৰ প্ৰমাণ লবলৈ এদিন সভাস্থলত বহি থাকোতে আগতে এডোখৰ শুকান কাষ্ঠ পৰি থকা দেখি বৰৰুচিক সুধিলে, “বৰৰুচি। সেইডোখৰ আগত কি আছে?” বৰৰুচিয়ে কলে :—‘শুষ্কং কাষ্ঠং তিষ্ঠতি অগ্ৰে।’ বৰৰুচিৰ কথা শুনি ৰজাই কালিদাসৰু সেই একে প্ৰশ্নকে কৰিলে। কালিদাসে ৰজাৰ প্ৰশ্নৰ উত্তৰত এইদৰে কলে :—

‘নীৰস তৰুবৰঃ পুৰতো ভাতি।’

 আগত শুকান কাঠডোখৰ পৰি আছে, তাকে দুই কৰিয়ে দুই ভাষাত কলে। কিন্তু কালিদাসৰ ভাষা কেনে আৰু বৰৰুচিৰ কেনে? কালিদাসৰ ভাষা প্ৰাঞ্জল। কালিদাসৰ ভাষাই কালিদাসৰ প্ৰবীণতা দেখুৱালে। ইয়াতে বৰৰুচি অপ্ৰস্তুত হল। তাৰু সেই দিনৰ পৰা কালিদাস আৰু তেওঁৰ পাৰ্থক্য বুজি লৈ কালিদাসৰ লগত সদ্ভাব ৰাখি চলিবলৈ ধৰিলে।

 ঘটকৰ্পৰৰো কালিদাসৰ লগত বৰ জেদ আছিল। তেওঁ


খ্যাতো বৰাহমিহিৰো নৃপভে সভাযাং
ৰত্নানি ৰৈ বৰৰুচিৰ্ণৰ বিক্ৰমস্য॥