পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/১১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কালিদাস।

 প্ৰায় দুহেজাৰমান বছৰৰ আগেয়ে উজ্জয়িনী নগৰত মহাকবি কালিদাসৰ জন্ম হয়। কালিদাস সৰুকালত বৰ উদ্ধত স্বভাৱৰ লৰা আছিল; লিখা পঢ়াত মন নিদি কেৱল ধেমালিত সময় কটাইছিল। যদিও পিতাকে কালিদাসৰ ৫/৬ বছৰ হওঁতেই বামুণীয়া পঢ়াশালিত পঢ়িবলৈ দিছিল, তথাপি কালিদাসে লগৰীয়া লৰাৰ লগত হাই-কাজিয়া আৰু দুষ্টালি কাম কৰাৰ বাহিৰে আন একোতে মন নিদিছিল। আন কি গুৰুৱে তেওঁব দুষ্টালিৰ বাবে গালিশপনি পাৰিলে গুৰুক ওলোটায়ো দিছিল। এনেকৈ কালিদাসে সদায় দুষ্ট কামতহে সময় নিয়াইছিল। ভালেদিন পঢ়াশালিত থকাতো বৰ্ণজ্ঞান হৈ নুঠিল। শেষত কালিদাসৰ আচাৰ ব্যৱহাৰত পিতাকৰ আমনি লাগি পঢ়াশালিৰপৰা এৰুৱাই নিলে। পঢ়াশালিৰপৰা এৰুৱাত কালিদাসে আৰু সুচল পাই নিজ ইচ্ছামতে উদ্ভণ্ডালি কৰি ফুৰিবলৈ ধৰিলে।

 লাহে লাহে কালিদাস ১৪/১৫ বছৰীয়া হল। ১৪/১৫ বছৰীয়া হওঁতেই পিতাকো লোকান্তৰ হল। পিতাকৰ মৃত্যুত কালিদাস মাতৃৰ তত্বাৱধানলৈ আহিল। মাকে খুজি মাগি পোৱে সৈতে পোহ-পাল যাবলৈ ধৰিলে। এদিন মাকে ভাত ৰান্ধিবলৈ ধৰি নোহোৱা দেখি কালিদাসক ওচৰত থকা গছৰ