পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/১০৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৭
সময়ৰ সদ্ব্যৱহাৰ।

 মহাপুৰুষ সকলৰ জীৱন চৰিত পঢ়িলেই এইটো স্পষ্টকৈ ধৰিব পাৰি যে তেওঁলোকৰ মহৎ কীৰ্ত্তিৰ লগত সময়ৰ সদ্ব্যৱহাৰ লুকাই আছি।

 ধনৰ কৃপণ হোৱা দোষৰ কথা কিন্তু সময়ৰ কৃপণ হোৱা প্ৰশংসাৰ কথা। অতিপাত সময়ৰ কৃপণ হোৱা মহা গৌৰবৰ কথা। সময়ৰ কৃপণালি কৰি যি আৰ্জ্জিব পাৰি ধনৰ কৃপণালি তাৰ আগত অতি তুচ্ছ। সময়ৰ কৃপণালি কৰিলে কৃপণালি মহৎ গুণৰ ভিতৰত গণ্য হয়।

 চিচেৰোয় কৈছিল—“আনে যি সময় আমোদ প্ৰমোদ বা ভাওনা আদি চাই কটায় এনেকি মন আৰু শৰীৰৰ জিৰণি দিয়ে সেই খিনি সময় মই দৰ্শন শাস্ত্ৰ অধ্যয়নত নিযুক্ত কৰোঁ।”

 শুই, বহি, গল্প কৰি কিমান সময় আমি নষ্ট কৰিছোঁ তাৰ তুলনাত আধঘণ্টা বা এঘণ্টা নিচেই ক’ম সময় কিন্তু এই সময়খিনিকে কোনো এটা ভাষা শিকাত প্ৰয়োগ কৰিলে জীৱনত বহু ভাষা আয়ত্ব কৰিব পাৰি। সাধাৰণতঃ কোনো ভাষাৰ তিনিশ শব্দ শিকিলে কথা বতৰা কব পাৰি আৰু দু হাজাৰ শব্দ শিকিলে চিঠি পত্ৰ লিখিব আৰু প্ৰৱন্ধাদি ৰচনা কৰিব পাৰি। তাৰে পোন্ধৰ মিনিট সময় যদি আমি অন্ততঃ তিনিটাকৈ শব্দ শিকোঁ তেনেহলে এশ দিনত বা ৩ মাহত কোনো এটা ভাষাত সাধাৰণ ধৰণৰ কথা-বতৰা কব পৰা হ’ম আৰু দুই বা আঢ়াই বছৰৰ ভিতৰতে সেই ভাষাৰে প্ৰায় সকলো ৰকমৰ আলোচনাতে যোগ দিব পৰা হম। সেই