পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/১০৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫
সময়ৰ সদ্ব্যৱহাৰ।


 পৃথিবীত এই একেটা বস্তু মাথোন হেৰালে নাপায় আৰু পালে নেহেৰায়। তেনেহলে তুমি এবাৰ পাবলৈ চেষ্টা নক- ৰিবা নে? আন বস্তু ধৰি ৰাখিবলৈ যিমান চেষ্টা কৰিব লাগে ইয়াক ধৰিবলৈ তিমান চেষ্টাও কৰিব নালাগে; ধৰাও ই সহজেই দিয়ে। কিন্তু গলেই ইয়াৰ প্ৰচণ্ড বিক্ৰমৰ গম পোৱা যায়। পাৰ্থিব বা অপাৰ্থিব কোনো শক্তিৰেই সেই গত সময়ক ঘূৰাই আনিবৰ ক্ষমতা নাই। ধৰা ই যেনে সহজে দিয়ে ধৰি ৰাখিবলৈও ইয়াক যতনকৈ সজা ঘৰ বাৰী বা বাকচ-পেটেৰা নালাগে। নিৰ্দ্দিষ্ট সময়ৰ নিৰ্দ্দিষ্ট কাম কৰিলেই ইয়াক ধৰি থোৱা হয়

 দুখৰ বিষয় আমাৰ দেশত বহুত মানুহে সময় কটাবৰ বিচিত্ৰ ৰকমৰ নিয়ম বান্ধি লৈছে। সেই মতে তেওঁলোকে মহা আগ্ৰহেৰে দিনৰ পিচত দিন, মাহৰ শেহত মাহ, এনেকি বছৰৰ পিচত বছৰ ধৰি চলে। তাৰে কিছুমান নিয়ম এই:— বন্ধু বান্ধৱৰ লগত দেখা সাক্ষাৎ, নানা ৰসাল গল্প, তাচ, ডবা, বাঘ গৰু, ষোল গুটি আৰু পচি আদি খেলা। তেওঁ লোকে কয় যে বন্ধু-বান্ধৱৰ লগত যদি দুখৰ সুখৰ দুই আষাৰ কথাই নাপাতিম তেনেহলে জীৱনটো যে একেবাৰেই মৰুভূমি হৈ যাব। আমি কওঁ যে কেবল কথা কৈয়ে তেওঁ. লোকে যি মৰুভূমিখন সৃষ্টি কৰিলে হেতেন সময়মতে তাকে কৰি জীৱনটো যেন তেওঁলোকে মৰুদ্যানত পৰিণত কৰে। ওপৰত উনুকিওৱা খেল খেদাৰ বিষয়ে সুধিলে তেওঁলোকে