পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/১০০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯২
সাহিত্য-সম্পদ।


জ্যোতিষপুৰ। কুমাৰ ভাস্কৰবৰ্মা নামেৰে এজন প্ৰতাপ ৰজাই এই দেশ তেতিয়া শাসন কৰিছিল। ভাস্কৰ বৰ্মাৰ হৰ্ষবৰ্ধনৰ লগত মিত্ৰতা আছিল। তেওঁ হংসবেগ নামেৰে দূত এজন কান্যকুব্জলৈ পঠিয়াই হিউয়েনচাঙক এই দেশলৈ নিমন্ত্ৰণ কৰি পঠালে। আমাৰ ৰজাৰ নিমন্ত্ৰণ ৰক্ষা কৰি হিউয়েনচাঙ কামৰূপলৈ আহে। তেওঁ ইয়াত অনেক দিন থাকি আমাৰ দেশৰ বিষয এইদৰে লিখি থৈ গৈছে।

 “কামৰূপ ৰাজ্যৰ পৰিধি প্ৰায় ১৭০০ মাইল মান হব। নগৰখন ৩০ লিৰ। ইয়াৰ মাটি বৰ দ কিন্তু সাৰুৱা। মানুহ- বোৰে কঠাল আৰু নাৰিকলৰ খেতি কৰে। এইবোৰ গছৰ সংখ্যা যদিও বেচি তথাপি সেইবোৰ সিমান মূল্যবান নহয়। নৈ আৰু জুৰিৰ পানী নগৰৰ চাৰিউপিনে বোৱাই দিয়া হৈছে। চাৰিউ কাষে বেৰা দিয়া হয়। দেশৰ জল- বায়ু নিয়মীয়া। মানুহবোৰ মৃদু প্ৰকৃতিৰ হোজা আৰু পোন পতিৰ সিহঁত দেখিবলৈ ছুটি চাপৰ। সিঁহতৰ বৰন মাঠ। এই দেশৰ ভাষা মধ্যভাৰতৰ ভাষাতকৈ বেলেগ মানুহবোৰৰ স্মৰণ শক্তি চোকা আৰু অধ্যয়নত ৰাপ বেচি। এই দেশৰ মানুহৰ বৌদ্ধ ধৰ্ম্মত আস্থা নাই। দেশত হিন্দুধৰ্ম্মৰ বহুত দেৱীৰ মন্দিৰ আছে দেশৰ ৰজা ভাস্কৰবৰ্মাৰ বিদ্যাত বৰ অনুৰাগ। আৰু তেওৰ প্ৰজাবিলাকৰো বিদ্যা চৰ্চ্চাত বৰ ধাউতি। দূৰ দেশৰ পৰাও সম্ভ্ৰান্ত বংশীয় মানুহে বিষয় বাব বিচাৰি এই দেশলৈ আহে। ৰজাৰ যদিও বৌদ্ধ