পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৭৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭১
শেষ মধ্যযুগৰ অসমীয়া সাহিত্য


কামৰূপত মুছলমান আক্ৰমণ যে আৰম্ভ হয় ১২০৬ খৃঃৰ প্ৰায় ২৮ মাৰ্চৰ গুৱাহাটীৰ কানাই বৰশী শিলালিপিয়েই তাৰ প্ৰমাণ। তেন্তে দুৰ্লভনাৰায়ণে পুৰণি কামৰূপৰ একেবাৰে পছিম ভাগত আৰু, ধৰ্মপালে তাৰ পূব অঞ্চলত ৰাজত্ব কৰিছিল। ৰামচৰণে লিখিছে—

ধৰ্মপাল ৰাজা আছিলেক কামেশ্বৰ। তাহান্তে খাটিয়া যত ভূঞা নিৰন্তৰ॥

কামাখ্যা দেবীয়ে যেৱে তাঙ্ক শাপ দিলা। আপোনাৰ ৰাজ্য এৰি বিদেশক গৈলা॥

দেখিলেক লোক যেৱে ভৈলক অৰাজ। গানে গাঁৱে ভৈলা তেৱে সৱে ভূঞা ৰাজ॥

দুৰ্লভ নাৰা'ণ তাৰ বেলেগীয়া ভাই। সিও কত দিনে ৰাজা ভৈলা এক ঠাই॥

বেহাৰৰ পৰা তিনি পহৰৰ বাট। গড়িয়া নগৰ ৰজা দুৰ্লভৰ পাট॥

যেৱে বিশ্বসিংহ কামৰূপে ভৈল ৰজা। আপুনি বসিল আসি অসংখ্যাত প্ৰজা॥”

ইয়াৰ পৰা দুৰ্লভনাৰায়ণ আৰু, ধৰ্মপালৰ ৰাজ্যৰ স্পষ্ট আভাস পাব পাৰি। বিশ্বসিংহই (১৫১৫-৪০ খৃঃ) কোচ ৰাজ্য স্থাপন কৰাৰ পাছত কামৰূপ নগৰ বা কমতাপুৰৰ নাম কোচবেহাৰ হয়, আৰু দুৰ্লভনাৰায়ণ ধৰ্মপাল আদিৰ দ্বাদশ শতিকাৰ ৰাজত্বৰ পাছত ষোড়শ শতিকাৰ বিশ্বসিংহৰ কোচ ৰাজ্যৰ পাতনৰ কাললৈকে মাজৰ প্ৰায় ৩৫০ বছৰ পুৰণি কামৰূপৰ ৰাজ্যৰ এই পশ্চিম প্ৰান্ত অৰাজক আছিল বুলি বুজিব পাৰি। গতিকে দুৰ্লভনাৰায়ণৰ পাছতে বিশ্বসিংহ ৰজা হোৱা বা এজন দ্বিতীয় দুৰ্লভনাৰায়ণৰ জন্ম হোৱা কল্পনাৰ উদ্ভাৱন পাণ্ডিত্যৰ বিড়ম্বনা আৰ, অবান্তৰ মাত্ৰ। তেন্তে বুকানন হেমিল্টনে কোচবেহাৰত ১৮০৯ খৃঃ ত পোৱা ধৰ্মপালৰ ৰাজ্যৰ ভগ্নাৱশেষ ঠিক; আৰু ৰামচৰণে দিয়া দুৰ্লভনাৰায়ণ আৰ ধৰ্মপালৰ ৰাজ্যৰ সীমা-নিৰ্দেশো নিশ্চিত। চৰিত-পুথিবোৰত গৌড়েশ্বৰ আৰু কামেশ্বৰ বা কমতেশ্বৰ খেলিমেলি লগোৱা বা সমাৰ্থক ৰূপে ব্যৱহাৰ কৰাৰ কাৰণো এতিয়া বুজা কঠিন নহয়, যিহেতুকে গেইটে ক'বৰ দৰে অষ্টম-নৱম শতিকাৰে পৰা অনেক ৰজা-পোৱালীয়ে গৌড়েশ্বৰ উপাধি দাবী কৰিছিল; আৰু বৰ্তমান উত্তৰ বঙ্গৰ প্ৰায় ছজন মান এনে সৰুসুৰা ৰজাই গৌড়েশ্বৰ উপাধি সেই কালত গ্ৰহণ কৰিছিল। তদুপৰি বৰ্তমান শ্ৰীহট্ট জিলাৰ এক অঞ্চলকো এসময়ত গৌড় বোলা হৈছিল; এতেকে গৌড়েশ্বৰ দুৰ্লভনাৰায়ণৰ ৰাজত্বৰ কবি হেম সৰস্বতী বৰ্তমান কোচবেহাৰৰো “তিনি প্ৰহৰৰ বাট’ৰ পছিমৰ বা দক্ষিণ-পশ্চিমৰ গড়িয়া বা গৌড় নগৰত আছিল।

“এহি বুলি গৌড়েশ্বৰে দিলন্ত বিদায়! লৰিল কামতেশ্বৰ সেহি আজ্ঞা পাই॥