পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী

Valley, Report of the progress of Historical Research in Assam 1897; যোৰহাটত হোৱা আমেৰিকাৰ বেপটিষ্ট মিশ্যনৰ শত বাৰ্ষিকী প্ৰদৰ্শনিৰ পৰা Assam Mission's Nawgaon Jubilee (18th to 29th December,1886) Publications, 1887. These Seventy five years. 1912; মোৰহাট মিশ্যনৰ কাৰ্বী পৰিয়ালৰ পৰা ব্ৰাউনৰ Notes on Assamese Grammar, শিৱসাগৰ মিশ্যনৰ পৰা ব্ৰাউন-দম্পতী আৰু, ব্ৰন্সনৰ প্ৰতিকৃতি, আৰু অসম গৱৰ্ণমেন্টৰ ছেক্ৰেটেৰীয়েটৰ পৰা ছাৰ জৰ্জ কেম্বেলৰ অসমীয়া ভাষা অসমৰ স্কুল-আদালতত পুনঃসংস্থাপন বিষয়ক Resolution আৰু আনুষঙ্গিক মূল কাকত-পত্ৰবোৰ ঘাই।

 কোৱা বাহুল্য, এইবোৰ অনুসন্ধানৰ বাবে ৰাজ্যপালন বা ৰাজহুৱা সহায়- সহানুভূতি যে নাছিলেই, গাঁঠিৰ ধন ভাঙিও এইবোৰ যোগাৰ কৰাত বিশেষ কষ্ট ভুগিব লগা হৈছিল। এই বহুমূলীয়া কিতাপ-কাকতবোৰ নিশ্চয় কোনেও মোক হাত এৰি নিদিছিল; মিলছৰ কিতাপৰ টোকা নগাঁও উকিল অফিছত বহি, আনবোৰ কিতাপ গৰাকিসকলৰ ঘৰত বহি, বেপটিষ্ট শত বাৰ্ষিকীৰ কিতাপবোৰৰ বেপটিষ্ট স্কুলৰ বাৰান্দাত মাটিত বহি, কাৰ্বী পৰিয়ালৰ কিতাপৰ তেওঁলোকৰ বঙলাত বহি আৰু অসম গৱৰ্ণমেণ্টৰ ছেক্ৰেটেৰিয়েটৰ কাকত-পত্ৰৰ নথীবোৰৰ টোকা দিনৰ পিছত দিনকৈ তেওঁলোকৰ অফিচত কেৰেণীৰ কাষত বহি টুকি আনিব লগা হৈছিল৷ এইখিনি কামত যি কষ্ট আৰু অৰ্-থব্যয় হৈছিল হৈছিল তাক তেনেদৰে তেতিয়া ভবা হলে সেইবোৰ কাম কেতিয়াও হৈ নুঠিলহেতেন।

 ১৯৪০ ত আমাৰ “অসমীয়া সাহিত্যৰ বুৰঞ্জীত ভূমুকি’’ ওলায়৷ নানা জঞ্জালৰ বাবে বৈষ্ণৱ যুগৰ আটাইবোৰ পুথি আৰু সেই সম্পৰ্কে সকলো মতামত পঢ়ি চালি-জাৰি চাব পৰা নাছিলোঁ; আৰু কোনো আশংকা নকৰি পূৰ্ববৰ্তী দেবেন্দ্ৰনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী প্ৰভৃতিৰ মততে হৰি-ভৰ দি লিখিছিলোঁ৷ পিছত লাহে লাহে যেতিয়া সেই পুথিবোৰ আৰু তাৰবিষয়ে পূৰ্ববৰ্তীসকলৰ মতামত চালি-জাৰি চাবৰ সকাহ পালোঁ, তেতিয়া আমাৰ সেই পৰ-নিৰ্ভৰতা যে ভুল আৰু অন্যায় হৈছিল তাক বুজিব পাৰিলোঁ৷ গতিকে আমাৰ ১৯৫০ত ওলোৱা চমু আৰু ১৯৫৬ত ওলোৱা বহল অসমীয়া সাহিত্যৰ বুৰঞ্জী আৰু ১৯৬২ত প্ৰকাশিত New Light on History of