পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৫৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী ছালাটিনত বৰ্ণেৰা আছে, আৰ, তাৰ মতে বথতিয়াৰ খিলজিয়ে উত্তৰলৈ আহি কামৰপ ৰাজ্য আক্ৰমণ কৰিবৰ চেষ্টা কৰোঁতে তেওঁৰ ভালেমান সৈন্য হানি হৈ ঘাটি খাই ওলটে আৰ, বখতিয়াবে নিজে প্ৰাণ লৈ কানে-কানমাৰিয়েহে সাৰি যায়। এয়ে কমিৰপৰ প্ৰথম মোগল আক্ৰমণ। আকৌ টাবাকোৱাৎ-ই- নছিৰি মতে ১২২৭ খঃ ত বঙ্গৰ ৰাজ্যপাল ঘিয়াছদ্দিনে কমপ আক্ৰমণৰ দ্বিতীয় অভিযান চলাই ব্যৰ্থ হয়। এই একে মল মতেই ইখতিয়াবুদ্দিন গুজব, উদ্বিখানে ১২৫৭ খৃঃ ত কামবপ তৃতীয় বাৰ আক্ৰমণ কৰি স্বয়ং দুলটানকে আদি কৰি বহুত প্ৰাণনাশেৰে ঘাটি খাই এলটে। আকৌ আলম- গিনামা মতে মহম্মদ বাই ১৩৩৭ খৃঃ ত কামৰূপৰ পঞ্চম আক্ৰমণৰ বাবে এক লাখ সুসজিত অশ্বাৰোহী পঠায় কিন্তু সিহতৰ ছাঁ এটিও এই দেশৰ পৰা ঘূৰি যাবলৈ নাপালে। এই পৰাজয়ৰ পোতক তুলিবলৈ মহম্মদ বাই পুনৰ বিপলতৰ এদল সৈন্য পঠায়, কিন্তু সেই সৈন্যদলে বঙ্গ দেশৰ পৰা ইফালে উজাবলৈ সাহ নকৰাত এই যন্ত্ৰ আক্ৰমণ ঢেপাতে মৰহে। জিত্ব অস্বমিদম, প্ৰাপ্তম” বুলি খোদিত অসমৰ হাবিয়ে-বননিয়ে সিচৰতি হৈ পৰি থকা অনেক হিলৈ-বৰটোপে নেৰা-নেপেৰা মুছলমানৰ আক্ৰমণৰ ওপৰত জয়-লাভৰ অলেখ প্ৰমাণ দিয়ে। পবণি এই বিপলে কামৰপ ৰাজ্যৰ পছিমৰ ফালৰ পৰা ওপৰা-উপৰিকৈ হোৱা মুছলমান আক্ৰমণবোৰেবে প্ৰায় একে লগে এই ৰাজ্যৰ পূব ফালৰ পৰা ১২২৮ থঃ ত শ্যান, জাতিৰ থাই ফৈদৰ অশ্যাম বা আহোমবিলাকে চুকাফাৰ নেতৃত্বত উজনি ব্ৰহ্মৰ উত্তৰ-পৰ পৰ্বতমালাৰ মৌলং বা তেনে কোনো ঠাইৰ পৰা আহি এই দেশ আক্ৰমণ কৰে; আৰ, ৰুমে ৰুমে ইয়াৰ পূৰ্ববৰ্তী মতক-মৰাণ, বৰাহী-কছাৰী, চটিয়া-বাৰভূঞা আদি শাসকসকলক ছলে-বলে জিনি এই দেশ অধিকাৰ কৰে। (খ) সামাজিক সাবাংশ। অসমৰ মিকিৰৰ পৰ্বতত পোৱা শিলালিপিয়েই অসমৰ বৈষ্ণৱ ধৰ্ম সম্পৰ্কে এতিয়ালৈকে ওলোৱা আটাইবোৰ লিপিতকৈ পুৰণি। এই শিলালিপিত ষষ্ঠ শতিকাৰ আগভাগৰ কামৰপৰ্ব ৰজা মহাভূত বৰ্মাক তেওঁক মন্ত্ৰী আৰ্যগণে “পৰম ভাগৱত” বুলি উল্লেখ কৰিছে; কিন্তু ৪০০-৪৬০ খত ভাৰতবৰ্ষত ৰাজত্ব কৰা চন্দ্ৰগুপ্ত, কুমাৰ গল্প আৰ, স্কন্দগুপ্ত আদি গন্ত ৰজাসকলৰ মোহৰতো তেওঁলোকৰ এই একে গৰম ভাগবত” উপাধি পোৱা হয়। সপ্তম শতিকাৰ আগছোৱাৰ পৰা দ্বাদশ বঙ্গী