পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৪৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৫
আদি মধ্যযুগৰ অসমীয়া সাহিত্য

 এনে অনুক্ৰমে বৰাহৰ নামৰ লগতো ডাকৰ বচন সংশ্লিষ্ট। আৰু আন শুং-সূত্ৰ এই বিষয়ে পোৱা হলে ডাকক বিক্ৰমাদিত্যৰ ৰাজসভাৰ নৱৰত্নৰ বৰাহ মিহিৰৰ সমসাময়িক বুলিব পৰা হলহেতেন। আন ফালে, ডাক বচনবোৰৰ ওপৰত থকা বৌদ্ধ প্ৰভাৱৰ সাঁচ মচ নোযোৱা কথা; গতিকে বৌদ্ধধৰ্মৰ পতন আৰু ব্ৰাহ্মণ্য ধৰ্মৰ পুনৰুত্থানৰ আগতে নিশ্চয় এই ডাকৰ বচনবোৰে জন্ম পাইছিল। এই বিবেচনাৰ পৰাও এই বচনবোৰ অন্তত দশম শতিকাৰ পিছলৈ ঠেলিব নোৱাৰি নিশ্চয়, যদিও সৌ সিদিনালৈকে লিপিবদ্ধ নোহোৱাৰ বাবে ভাষাৰ উপৰিও ভাবত ইয়াৰ যথেষ্ট খতি-খুন হোৱাৰ প্ৰমাণ পোৱা হয়। উদাহৰণ স্বৰূপে,—

ভাল দ্ৰব্য যখন পাব। কালিকাৰে তুলিয়া নাথোব॥
কালিকাৰে বাট না চাহিয়ে মাথাৰ উপৰ যম দাড়িয়ে॥” (বঙলা)
জাল দ্ৰব্য যেতিয়া পাব। দেৱতা দ্বিজক তেতিয়াই দিব।
কালিৰ ভাগক ৰাখে যিজনে প্ৰশংসে তাক ৰবি-নন্দনে॥” (অসমীয়া)

 ডাকৰ বচনৰ সাধাৰণ লক্ষণলৈ মন কৰিলেই বুজিব পাৰি বঙলা বচন- ফাকিত মূল ভাব ৰক্ষা কৰা হৈছে, কিন্তু অসমীয়া ফাকিত অন্যায়ভাৱে তাৰ অঙ্গক্ষত কৰি তাৰ বৌদ্ধ বা অহিন্দু ৰূপ গুচাই তাক হিন্দু বা ব্ৰাহ্মণ্য ধৰ্মৰ ৰূপ দিবৰ অপচেষ্টা কৰা হৈছে! “পাতনি’’ত সম্পাদকে ভাঙি লিখিছে, “ডাক- চৰিত্ৰ প্ৰকাশ কৰা হল, কিন্তু ইয়াত বহুত খুত থাকি গল। সেই খুত ভাঙিবৰ নিমিত্তে এখনি সাঁচিপাতৰ পুৰণা পুথি আৰু আন অসমীয়া-বঙলা পুথি চাই অনেক যত্ন কৰিছিলোঁ, কিন্তু একোৱেই হৈ নুঠিল। সেইবিলাক পুথিৰ এখনকো ঠিক যেন নাপালোঁ; কোনটো সচা, কোনটো মিছা, তাক ঠাৱৰ কৰিব নোৱাৰিলোঁ। নিজ বিবেচনা আৰু ধাৰণাৰে যিহকে ঠিক বুলি জানিলোঁ, সেইদৰেই ছপা কৰালোঁ; গুণ-জ্ঞানীসকলে নিজে ইয়াক শুধৰাই লব।... শ্ৰীশিৱনাথ শৰ্মণঃ।" নকলেও হব ডাকৰ বচনবোৰে যে বৌদ্ধ মতবাদহে প্ৰকাশ কৰিছে, সেই কথা পাহৰি তাক ব্ৰাহ্মণ্য মতবাদৰ ৰূপ দিবৰ অপচেষ্টাতেই বিজ্ঞ সম্পাদকৰ এই আহুকাল। বঙলা-অসমীয়া দুই ৰূপতেই এনে “ভেজাল'’ কথা সোমাইছে। বামুণৰ ষড়যন্ত্ৰত ডাকৰ মৃত্যুৰ কথায়ো অন্ততঃ ডাকৰ ব্ৰাহ্মণ্য-ধৰ্ম-বিৰোধী মতবাদ প্ৰচাৰ কৰাৰ সঙ্কেত দিব পাৰে।

 অলেখ অলৌকিকতাই আৱৰি থোৱা বাবে অনেকে ডাক পুৰুষৰ ঐতিহাসিকতাকে মানিব নোখোজে। ’উপজিয়ে মাৱক দিলে ডাক। সেহিসে