পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৪২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪০
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী

সাহিত্যৰ উৎপত্তিৰ সাধাৰণ জোখ-কাঠি বুলিছিলোঁ, অপাৰ্থিৱ আনৈসৰ্গিক শক্তিৰ ধাৰণা আৰু বিশ্বাসো তেনেকৈয়ে এই তন্ত্ৰ-মন্ত্ৰ প্ৰাচীনতাৰ নিদৰ্শন বুলিব লাগিব। গতিকে এইবোৰৰ জন্মও অৱশ্যে অতি আদিম, অন্ততঃ একাদশ-দ্বাদশ শতিকাৰ পিছলৈ নাহে : বিশেষকৈ অসমীয়া সমাজত বৈষ্ণৱ ধৰ্মৰ ঢৌ উঠাৰ পাছত আৰু এনেবোৰ তন্ত্ৰ-মন্ত্ৰৰ ন-কৈ জন্ম হোৱা সম্ভৱ নহয়। বুলিয়ে ভাবিব পাৰি।

 “ওঁ ক্ৰিং হ্ৰিং হ্ৰিং কৌং দ্ৰঃ দ্ৰঃ দ্ৰঃ"-মন্ত্ৰবোৰব আৰম্ভণ প্ৰায় এনেকুৱা; ইয়াৰ লগত অসমীয়াত সকলোৱে বুজাকৈ দুই-চাৰি আষাৰ কথা কোৱা হয় আৰু ঔষধৰ সৈতে খুউৱা বা সাঁচিপাতত লিখি তাক কবচত সুমাই দিয়া হয়। পক্ষীৰাজ মন্ত্ৰ বাৰ-ভনী বিষালী মন্ত্ৰ, ব্ৰহ্ম-কৰতি, ৰুদ্ৰ-কৰতি আদি সম্প্ৰতি প্ৰকাশিত মন্ত্ৰ-পুথিৰ লেখ বৰ সৰহ নহয়। যদিও এই মন্ত্ৰবোৰে “নাম” আখ্যা পোৱা নাই আৰু পাব নোৱাৰে, তথাপি এইবোৰৰ ৰচনা আৰু গঢ়ৰ ওপৰতো বৈষ্ণৱ প্ৰভাব সুস্পষ্ট, সন্দেহ নাই। (অধ্যয়ন, ৬৯-৭২ পিঃ)।

“শ্ৰীকৃষ্ণায় নমঃ। ধন্বন্তৰিয়ে নমঃ॥

যেৱে পক্ষীৰাজ ঠিয় হুই আছে।  অসংখ্য দেৱক দেখিলা পাছে॥
যেৱে পক্ষীৰাজ মন্ত্ৰক পঢ়োঁ।  সাতখন দ্বীপৰ দেৱক কাটোঁ।৷
কৈলাস গোসাঁইক বান্ধি আনিলোঁ।  যমপুৰক বান্ধিবাক লৈলোঁ।৷
যম-দূতগণে কৰে লৰালৰি।  বান্ধিলোঁ তাক নাগপাশ জৰী॥
যমৰ দূতক কৰিলোঁ বন্দী।  নাপাইলে দূতে ওলাইবাৰ সন্ধি।৷
বান্ধো বাৰ, বান্ধো দুৱাৰ৷  স্বৰ্গ মৰ্ত্ত্য পাতাল কৰোঁ এক ঠাৰ।৷
যেৱে পক্ষীৰাজ উঠিল ডাকি।  যমৰ মায়াক কৰিলোঁ বন্দী।৷
শনিয়া সবাৰ খলক লাগিলা।  জলৰ মায়াক ফুলে ভুলিলা।"

 এই ভাষাও অৱশ্যে বৈষ্ণৱ-গন্ধী আৰু অৰ্বাচীন বুলিব লাগিব; “বাব-ভনী বিষালী মন্ত্ৰ'ও এই “পক্ষীৰাজ মন্ত্ৰ" অনুৰূপ।—“শ্ৰীকৃষ্ণায় নমঃ, ধনন্তৰ্যৈ নমঃ"। চক্ষুৰ হন্তে, কৰ্ণৰ হন্তে, হিয়াৰ হন্তে, মাংসৰ হন্তে, তেজৰ হন্তে, হাড়ৰ হন্তে, পেটৰ হন্তে, পিঠিৰ হন্তে, নাড়িৰ হন্তে, কঙ্কালৰ হন্তে, হস্তৰ হন্তে, ভৰিৰ হন্তে, এই বাৰজনী মায়া ব্ৰহ্মায়ে স্ৰজিলা॥” এই দুই মন্ত্ৰৰ দৰেই উৎপত্তিত অলপ প্ৰাচীন-গন্ধী যেন লগা আন এটি মন্ত্ৰ :-

‘শৰীৰৰ সম্বল মাংসখান। তাতে দিলেক বজ্ৰ নখৰ ঘাৱ।
ছিটিকিয়া তেজ আকাশক গৈলা। সূৰ্য্যৰ আঠটা ৰশ্মি ভৈলা।