পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
আদি মধ্যযুগৰ অসমীয়া সাহিত্য

হৈছিল। শঙ্কৰদেৱৰ প্ৰচাৰিত ধৰ্মৰ হেচাত ইয়াৰ তান্ত্ৰিক ভাব আৰু কালৰ প্ৰভাৱত ইয়াব ভাষা যথেষ্ট মাৰ্জিত আৰু সময়োপযোগী হৈ পৰিশেষত ধাই- নাম আদি লৌকিক গীতৰ দৰে 'নাম'ৰ মালা মূলত লৈ বৈষ্ণৱ-ধৰ্ম-শোধিত অসমীয়া সমাজৰ মজিয়াত সোমাই ইহ’ত বৰপিৰা পাৰি বহিল। সাহিত্যৰ ফালৰ পৰাও এই গীতবোৰৰ সৰহখিনিয়েই অতীব সৌন্দৰ্যব্যঞ্জক আৰু আধুনিক ৰুচিসন্মত : গতিকে অন্ততঃ ভাষাৰ ফালৰ পৰা এইবিলাকক সিহঁতৰ উৎপত্তিৰ কাললৈ ঠেলিব নোৱাৰি:-

“গধুলিতে আই আহে   পধুলিলৈ চাই।
মহামায়া আই আহে   সোণৰ বংশী বাই॥"
"ৰাখাঁ, ৰাখাঁ, আই ৰাখাঁ,   মায়াৰ বাঘে খায়৷
তুমি মাতৃ নাৰাখিলে   ৰাখোঁতা যে নাই॥’’

সোণৰে চকৰি   উৰে জাকি মাৰি   ৰূপৰে দুখনি পাখি।
ছহৰ ফুৰিবলৈ   আইলোক আহিছে,   জীৱ-দান মাগিছোঁ আমি॥”

 অন্ততঃ সপ্তম শতিকাৰ আগভাগৰ পৰা দ্বাদশ শতিকাৰ আগভাগলৈকে তামৰ ফলিবোৰত শিৱই প্ৰধান দেৱতা ৰূপে আগ ভাগ পালেও একাদশ শতিকাৰ শেষ ছোৱাতহে ইন্দ্ৰপালৰ এখন তামৰ ফলিত শিৱৰ লগত দুৰ্গাই জয়ে জয়ে ঠাই পাইছে। কিন্তু তন্ত্ৰ-মন্ত্ৰ বুলিলেই দুয়ো থাকিবই লাগিব, আৰু তন্ত্ৰ বুলিলেই আগমপন্থী অৰ্থাৎ এই দেৱ-দেৱীৰ যোগেদি সাংসাৰিক সুখৰ পৰাকাষ্ঠা-লাভ দেখুৱাব লাগিব : কেৱল পঞ্চৰাত্ৰ সাত্বত-তন্ত্ৰ আদি দুই-এখন তন্ত্ৰ নিগমপন্থী বা বৈঞ্চৱ মতাৱলম্বী। অসম তন্ত্ৰ-মন্ত্ৰৰ ঘৰ বুলিয়েই জগতত প্ৰখ্যাত, আৰু কোনো-কোনোৰ মতে অসমত ৰচিত মন্ত্ৰবোৰেই এই ভাষাৰেই গুপ্তভাৱে সমগ্ৰ ভাৰতত প্ৰচলিত। তন্ত্ৰবোৰে ৰহস্যজনক চিহ্ন আৰু শব্দাদি ব্যৱহাৰ কৰে; কামৰত্ন তন্ত্ৰ নামে এনে এখনি পুথি অসম ছৰ্কাৰে পাই উলিয়াইছে।

 অন্যান্য জন-সাহিত্যৰ দৰেই এই মন্ত্ৰ-সাহিত্যবোৰৰ আদিতে মৌখিক ৰচনা আছিল বুলি বুজিব পাৰি; ইহঁত কেৱল গোপনীয়তাৰ বাবেই সৰ্বসাধাৰণৰ বস্তু নাছিল। তদুপৰি ব্যৱসায়মূলক সংৰক্ষণশীলতাৰ বাবে ভাষামূলক সংৰক্ষণশীলতাও ইয়াত অধিক ৰক্ষিত হোৱা স্বাভাৱিক; সৰহ কি, তেনে সংৰক্ষণশীলতাৰ বাবেই মন্ত্ৰ-সাহিত্য আজিও সৰবৰহীভাবে প্ৰচলিত হোৱা নাই। প্ৰকৃতিৰ লগত গভীৰ আত্মীয়তাৰ অনুভৱৰ প্ৰমাণকে যেনেকৈ জন-