পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৭৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৭৬
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


প্ৰকৃত প্ৰতিভা আবিষ্কাৰত আমি কেতিয়াও খৰধৰ কৰিব নোৱাৰোঁ; আগৰ গৰু বাঘে খোৱাৰ দৰে ওপৰত ওলাই থকা বিলাকৰ যশৰ স্থায়িত্ব সম্পৰ্কে সন্দিহান হোৱাই স্বাভাবিক কথা। গতিকে অসমীয়া সাহিত্যৰ বিভিন্ন বিভাগৰ নতুন লেখকৰ বিচাৰ এই শতিকাৰ সামৰণিৰ ফালেহে সম্ভৱপৰ হব পাৰে।

 সমালোচকৰ দায়িত্ব বৰ্তমানৰ দৰে বেমেজালিৰ যুগত যে অপৰিসীম সন্দেহ নাই। আন্ধাৰ বাটত জোৰ-ধৰোঁতাৰ যি কাম, সমালোচকৰো সেয়ে পবিত্ৰ কৰ্ত্তব্য। আন হাতে, সাহিত্য সৃষ্টি কৰাতকৈও সমালোচনা কৰা কেতিয়াবা কঠিন কাম; স্তাৱক আৰু শোৰা-শেৰেলুৱাই সমালোচকৰ কাপ হাতত লব নাপায়। বৰ্তমান বাতৰিকাকতৰ যুগে আমাক সকিয়াই দিয়ে ভাবমুখীতকৈও বস্তুমুখী হবলৈ; গতিকে কোনো ধুঁৱলি-কুঁৱলী ভাব সমালোচনাত ঠাই পোৱা অযুগুত। তদুপৰি কোনো সাহিত্য নিন্দা প্ৰশংসা কৰিবলৈ আগতে থিৰ কৰি লৈ তাৰ গুণ-দোষ লুকুৱাৰৰ চেষ্টা, বা কোনো বিষয়ৰ ওপৰত নিজ প্ৰতিপত্তি নথকা জানিও টেঙৰালিৰে সমালোচনা কৰিবলৈ যোৱা পাপকাৰ্য, বন্ধু-বাৎসল্য বা প্ৰভূ-ভক্তিৰ কথা এৰিও। আন সমালোচকৰ উদ্ধৃতি নিজ সমালোচনাৰ দুৰ্বলতাৰ প্ৰমাণ মাত্ৰ; লেখকে পাতনিত কোৱা আত্মকথাৰ সমৰ্থনো তদ্ৰূপ। লেখকৰ জীৱনী বা তেওঁৰ লগত সমালোচকৰ নিজা সম্পৰ্ক প্ৰভৃতিৰ উল্লেখো সমালোচনাৰ দোষৰ লেখতেই পৰে। অসমীয়া সাহিত্য বৰ্তমান অসীম সাম্ভাব্যতাৰ দুৱাৰ-দলিত; এনে সময়ত উপযুক্ত সমালোচনা-সাহিত্যই যথেষ্ট বৰঙণি যোগাব পাৰে। অসমীয়া চুটি-সাধু-উপন্যাস, নাটক-কবিতা, সকলো ক্ষেত্ৰতে সমালোচকৰ আধুনিকতম আৰু নিৰপেক্ষ দৃষ্টি-ভঙ্গিয়ে অসমীয়া সাহিত্যৰ এই সন্ধিক্ষণত পথপ্ৰদৰ্শকৰ কাম কৰিব নিশ্চয়। তোষামোদী আৰু পক্ষপাতদুষ্ট মতামত অবিচাৰৰ নামান্তৰ, আৰু সাহিত্যৰ উন্নতিৰ অত্যন্ত অন্তৰায়; অসমীয়া সাহিত্যই যাতে তাৰ বিপৰীতে উদাৰ আলোকপূৰ্ণ সমালোচনা আশিস্ উপভোগ কৰিবলৈ পায়, ইয়ে আটাইৰে কাম্য হোৱা উচিত।