পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৬৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৬৪
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


কালাপাহাৰহঁতৰ জন্ম হ’ল। নীতিৰ ফালত দণ্ডিনাথ কলিতাব “সাধনা” তাৰ উদাহৰণ বুলিব পাৰি; আৰু আচৰিত কথা, অসম সাহিত্য সভাৰ পৰীক্ষক-সকলৰ মাজত মতভেদ হোৱা অৱস্থাত লক্ষ্মীনাথ বেজবৰুৱায়ে “সাধনা”ক সমৰ্থন জনাইছিল।

 ই প্ৰকৃততে আচৰিত বা অস্বাভাৱিক একো নহয়। প্ৰথম মহাসমৰৰ পাছতেই ইংৰাজী সাহিত্যত এই অতি-আধুনিক ভাবধাৰাই ভুমুকি মাৰিছিল; আৰু অসমীয়া নৱন্যাস যেনেকৈ ইংৰাজী নৱন্যাসৰ পাঁচ কুৰি বছৰৰ পিছ, এই অতি-আধুনিক ভাব-ধাৰাও তেনেকৈ ইংৰাজী সাহিত্যতকৈ দেঢ় কুৰি বছৰৰ পিছত দ্বিতীয় মহাসমৰৰ শেষতহে অসমীয়া সাহিত্যত দেখা দিছে। কিন্তু ইংৰাজী সাহিত্যলৈ এই নবীনতম ভাব-ধাৰ বোৱাই, আনোতাসকল আছিল প্ৰথম মহাসমৰত আগভাগ-লওঁতা, গতিকে তেওঁলোকৰ অভিজ্ঞতা ভুৱা নহয়; তেওঁলোকৰ তুলনাত ইংৰাজী সাহিত্যৰ ভিক্টৰিয়া যুগৰ ভাব-ধাৰাৰ পৰা প্ৰথম ফালৰি কাটি আহোঁতা কিপ্লিং, ব্ৰিজেছ, হাৰ্ডি, কিটছ, আদিও পুৰণিৰে বুলিব পাৰি। কিন্তু যোৱা মহাসমৰ দুখনৰ এখনেও অসমক কিয়, ভাৰতকো ছুই যোৱা নাই বুলিব পাৰি, তাত আগ-ভাগ লোৱাৰ যে কথাই নাই; এনে স্থলত অসমীয়া তথা ভাৰতীয় সাহিত্যৰ বাবে এই অতি-আধুনিক ভাব-ধাৰা ধাৰ কৰা বুলিহে কব লাগিব, গতিকে ইয়াত মৌলিকতাৰ ইমান আকাল। ইংৰাজী সাহিত্যৰ অতি আধুনিক সাহিত্যৰ যি ভ্ৰান্তি-নাশনৰ সুৰ সি নিৰাশাৰ নহয়, তাৰ বিদ্ৰূপৰ ভাবো হতাশৰ নহয়; তেওঁলোকৰ আন্তৰিকতা, স্পষ্টবাদিতা আৰু বাস্তৱতা প্ৰভৃতি মৌলিক গুণবোৰৰেই ভাৰতীয় অতি-আধুনিক বোলা সাহিত্যত আকাল। এই বাবেই এই নতুন ৰচনাবোৰে সৰ্বসাধাৰণৰ মন টানিব পৰা নাই, আৰু টানিব নোৱৰা কথাই। অৱশ্যে দুই মহাসমৰে নুছুইছিল বুলিয়েই যে জগতৰ নতুন ভাব-ধাৰাই ভাৰতক একেবাৰে নুছুব তেনে কথাও নহয়; সেইহে সেই নতুন ভাববোৰৰ দুটি-এটিয়ে ভাৰতীয় তথা অসমীয়া মনক জোকাইছেহি। (অধ্যয়ন, ২৭৫-৭৮ পিঠি)

 অসমীয়া সাহিত্যত এই নতুন-ভাৱ-ধাৰাৰ প্ৰবেশ নিজৰ গুণত নহয়, তাৰ পূৰ্ববৰ্তী নৱন্যাস সাহিত্যৰ দুৰ্বলতাৰ হেতুত। অসমীয়া নৱন্যাসৰ দ্বিতীয় সুতিত বৰঙনি যোগাওঁতা ৰঘুনাথ, অম্বিকাগিৰি, যতীন্দ্ৰনাথ, ৰত্নকান্ত, সূৰ্যকুমাৰ, ডিম্বেশ্বৰ, বিনন্দচন্দ্ৰ প্ৰভৃতিৰ লাগতিয়াল বৰঙণি ১৯২৯ৰ আগৰ। উপন্যাস, নাটক আদিতে দণ্ডিনাথ, দৈবচন্দ্ৰ, জ্যোতিপ্ৰসাদ প্ৰভৃতিৰ লেখৰ কিতাপ-কেখনৰ বিষয়েও একে কথা। ১৯২৯ৰ পাছতো