পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৫৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৫৩
বৰ্তমান যুগৰ নৱ-আৱিষ্কাৰৰ অসমীয়া সাহিত্য


 চন্দ্ৰধৰ বৰুৱা (১৮৭৪-১৯৬১) যোৰহাটৰ এজন চাহখেতিয়ক; ১৯০৪ত প্ৰকাশিত এওঁৰ “মেঘনাদ বধ” অমিত্ৰাক্ষৰ ছন্দৰ নাটক আৰু ১৯১৫ ত প্ৰকাশিত “ভাগ্যপৰীক্ষা” সামাজিক নাটক, আৰু পাছৰ “ৰঞ্জন” নামৰ কবিতা পুথি আৰু অমিত্ৰাক্ষৰী নাটক তিলোত্তমা-সম্ভৱ লেখৰ। দুৰ্গেশ্বৰ শৰ্মাও (১৮৮৫-১৯৬২) যোৰহাটৰ, এওঁৰ “অঞ্জলি” আৰু “নিবেদন” পদ-পুথিৰ উপৰিও পাৰ্থ-পৰাজয়, বালিবধ, চন্দ্ৰাবলী, অমিত্ৰাক্ষৰী নাট উল্লেখযোগ্য। ইয়াৰ বাহিৰে মিত্ৰদেৱ মহন্ত, দৈবচন্দ্ৰ তালুকদাৰ, অতুলচন্দ্ৰ হাজৰিকা আদি নাট্যকাৰৰূপে নামজ্বলা। জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১৯২৫ত প্ৰকাশিত “শোণিত কুঁৱৰী’’ আৰু কীৰ্ত্তিনাথ বৰদলৈৰ ১৯২৯-৩০ত প্ৰকাশিত “বাসন্তীৰ অভিযেক” আৰু “লুইত কোঁৱৰে’’ অসমীয়া সঙ্গীত আৰু নাটকৰ এটি যুগান্তৰ আনে বুলিব পাৰি। কিন্তু মুঠতে কব লাগিব, বৰ্ত্তমান অসমীয়া সাহিত্যৰ অন্যান্য বিভাগৰ দৰেই বৰ্ত্তমান নাটকো সমাজ-বিমুখ আৰু সমস্যা-নিৰপেক্ষ হৈয়ে আছে।

আলোচনী, অনুষ্ঠান আৰু লেখিকাসকল

 উপন্যাস চুটি-সাধু আদিৰ দৰে আলোচনী-কাকতো ভাৰতীয় তথা অসমীয়া সাহিত্যলৈ বিদেশী আমদানি আৰু বিশিষ্ট অৱদান। “পিকিন গেজেট"কে পৃথিবীৰ সৰ্বপ্ৰথম বাতৰি আলোচনী বোলা হয়; যদিও যুগে যুগে তাৰ নানা বিবৰ্ত্তন ঘটি আহিছে। অসমীয়া আলোচনী বঙালী এনে কাকততকৈ প্ৰায় দেড়কুৰি বছৰৰ পিছ, অৱশ্যে দুই ঠাইৰ দুইখন আলোচনী দুই পাদ্ৰী অনুষ্ঠানৰে দান। আন দেশৰ তুলনাত অসমৰ জনসংখ্যাৰ দৰেই অসমীয়া বাতৰি-আলোচনীৰ জন্ম-মৃত্যু উভয়ৰেই বৰ ঘন; তাৰ গুৰিত অৱশ্যে ধান-খেৰৰ জুইৰ নিচিনা অসমীয়াৰ উদ্যমৰ পটন্তৰ। বাতৰি-আলোচনীৰ মূল লক্ষ্য জাতিক আৰু জন-গণক সত্য আৰু উন্নতিৰ বাটত আগবঢ়াই নিয়া; বৰ্ত্তমান অৱশ্যে বহুত বাতৰি কাকতেই এই আদৰ্শৰ পৰা খহি পৰিছে, আৰু সমূহীয়া স্বাৰ্থৰ পৰিবৰ্ত্তে দলগত কিয় বাক্তিগত প্ৰচাৰৰ বাহন ৰূপে অপ-ব্যৱহত হবলৈ ধৰিছে। সি যি হওক, বৰ্তমান অসমীয়া সাহিত্যৰ ক্ৰমবিকাশত এই আলোচনী কাকতসমূহে যথেষ্ট বৰঙণি যোগালে, আৰু তাৰ ভিতৰত “অৰুনোদই” সচাকৈয়ে বৰ্ত্তমান অসমীয়া সাহিত্যৰ অৰুণ-উদয়স্বৰূপ হৈছিল সন্দেহ নাই।

“অৰুনোদই” মাহেকীয়া আলোচনী ১৮৪৬ৰ জানুৱাৰীত প্ৰথমে ওলাই ১৮৮২

২৩