পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৪৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৪১
বৰ্তমান যুগৰ নৱ-আৱিষ্কাৰৰ অসমীয়া সাহিত্য


হংসিনী খোজত
মনে মনে গাই
পূৰ্ণ আবেগত
উদাস ভাবত
সুলকি পৰিল
প্ৰাণ কাঢ়ি লই
চম্পা কলি যেন

 

পানী ঘাটলৈ
দাঁতি-কাষৰীয়া
কি সুৰ টানিলি
তোৰ ফাললৈ
বাচকবনীয়া
গুচি গলি তই,
ভৰিৰ আঙুলি

 

গইছিল বাটে বাটে;
গছ এজুপিব পৰা
পৰাণ আকুল কৰা;
ৰ লাগি ৰই ৰ’ল,
খোপাৰ মালতী ফুল।
কৰিলি চঞ্চল চিত;
ছিগি যায় উজুটিত।”

শ্ৰীঅম্বিকাগিৰি ৰায়চৌধাৰী বৰপেটা মহকুমাত জন্মে। ১৯১৪ত এওঁৰ “তুমি” আৰু ১৯১৬ ত “বীণা” নামৰ পদ-পুথি ওলায়। ওজঃ গুণ এওঁৰ কবিতাৰ বিশেষত্ব, আৰু এওঁৰ “তুমি”ত শক্তিশালী ভাব প্ৰকাশৰ চিন পোৱা হয়। (অধ্যয়ন ২৪৩-৪৮ পিঠি) পদ্মনাথ শৰ্মাৰ “তুমি’’ৰ লগত অম্বিকাগিৰিৰ “তুমি’’ৰ দৰে, কমলাকান্তৰ “বাসন্তীৰ বিয়া”ৰ লগত ৰঘুনাথৰ “বহাগীৰ বিয়া’’ৰো এনে এটা সম্পৰ্ক দেখিবলৈ পোৱা হয়; কিন্তু এই পৰবৰ্তী দুই চৌধাৰীয়ে অদৃশ্যে নিজস্ব অনুসাৰে নিজ নিজ কবিতাকে একোটি সুকীয়া গঢ় দিছে।

এইসকলৰ উপৰিও অসমীয়া নৱন্যাস-নীতিৰ সমৰ্থনত যোৱা শতিকাৰ শেষ দশকৰ পদ্মনাথ, বেণুধৰ আদি আৰু এই শতিকাৰ প্ৰথম দশকৰ চন্দ্ৰঘৰ-দুৰ্গেশ্বৰ আদি বহুতো আছে; এইসকলৰ প্ৰধান অনুসাৰে নাটক আদিৰ সম্পৰ্কত উল্লেখ কৰা হব। তাৰ বাহিৰে এই শতিকাৰ দ্বিতীয়-তৃতীয় দশকৰ পদ্মধৰ, সূৰ্য্যকুমাৰ, যতীন্দ্ৰনাথ, ৰত্নকান্ত, দণ্ডিনাথ, ডিম্বেশ্বৰ, বিনন্দচন্দ্ৰ, নলিনীবালা, শৈলধৰ, অতুলচন্দ্ৰ আৰু চতুৰ্থ পঞ্চম দশকত দেৱকান্ত, নীলমণি, গণেশচন্দ্ৰ, মালিক আদি নৱন্যাস-নীতিৰ সমৰ্থক পোৱা হয়। গুটীয়া কবিতা লেখক ৰূপেও এই শতিকাৰ প্ৰথম দশকৰ অকাল মৃত্যু হোৱা পৰা গোপালচন্দ্ৰ, উমেশচন্দ্ৰ, সিংহদত্ত, গণেশলাল আদি প্ৰসিদ্ধ।

নৱন্যাসৰ গদ্য, উপন্যাস, নাটক, চুটিসাধু আদি

ইংৰাজী নৱন্যাসৰ দৰে অসমীয়া নৱন্যাসে কবিতাৰ পৰা উপচি উপন্যাস-নাটক আদি গদ্যলৈ বাগৰি অহাৰ কথা আৰু সাহিত্যৰ বাট-দেখাওঁতাসকলে থাপনা কৰা