পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৪১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৰ্তমান যুগৰ নৱ-আৱিষ্কাৰৰ অসমীয়া সাহিত্য DO দেখুৱাম উৰি উৰি। নহল আমাৰৰ কিয় খুৰীয়া কানম! পালো হয় নিতে কত মধুৰ চুম্বন।” ইয়াক পদ্মনাথৰ “ওৰণি” কবিতাৰ লগত ৰিব লগীয়া : এমৰি যদি জীও পুন মৰি মৰি জন্ম ধৰোঁ বমণী ওষণি হই! আবেগৰ হে ধৰি ধৰোঁতে প্ৰিয়াক লাজে, বচাম মুখনি ঢাকি অৱলা-সাৰথি সাজে। আহিলে বসন্ত বাগ মলয়াত উটি-বুৰি, বিজুলী বয়ানখনি চকুৱে চকুৰে দুয়ো চকু-কথা পাতেতেই বিচ্ছেদ ধেমালি চাম ঢাকি ধৰি পাচতেই। ছেলে ছেৱে ঠেও ধৰি মিচিকি হাঁহিটি চাম; ইগালে পোহৰ যাচি আবেগৰ চুমা হাম। ঢেকেনি ধুমুহাই বিচ্ছেদৰ বিভীষিকা যদিহে দেখায় মথি; অপাৰ আঁৰ কৰি প্ৰিয়াক বুজনি দিম, টিপে টিপে টুকি পিম। আমন জিমনকই থাকোতে নীৰলে বহি, আমোলনি শোভা চাম। থোপাত লাচতে হহি। সৌন্দৰ্য্যৰ ৰূপ-বস বিৰিঞ্জিলে কপালত কপালেৰে মচি লম উলহেৰে তিলকত। এতেকে বাসনা মোৰ পূৰ্ণ হয় যাতে অই! মৰি জন্ম লৰ্তো যেন ৰমণী ওৰণি হই!! ৰঘুনাথ চৌধাৰী ১৮০১ শকৰ মাঘত গুৱাহাটী মহকুমাত জন্মে; সৰুতে পিৰালিৰ পৰা পৰি এওঁৰ ভৰি দুটা ধুনীয়া হোৱাত এওঁ শাৰীৰিক অক্ষম হয়। গুৱাহাটীৰ ইংৰাজী পঢ়াশালিৰ তলৰ কেইশ্ৰেণীমান পঢ়িয়ে এওঁ পঢ়া এৰে; কিন্তু ইংৰাজী সাহিত্যৰ জ্ঞান-অৰ্জনৰ উপায় নাথাকিলেও সমসাময়িক বঙলা কবিতা অধ্যয়ন কৰি গুৱাহাটীৰ অৰুতে গাজি উই বিবিধ চকুপানী