পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৩৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৰ্তমান যুগৰ নৱ-আৱিষ্কাৰৰ অসমীয়া সাহিত্য 009 ফুলৰ গোন্ধেৰে আজি ভৰিছে যুলনি, কুঁৱৰীয়ে ছিঙে ফুল এপাহি দুপাহি, গোলাপ, মালতী, জাতি, বকুল, বন্দুলী, গাঁথে মনোৰম মালা অন্তৰ উলাহি।” এই অমিত্ৰাক্ষৰৰ লগত পদ্মনাথৰ (১৮৭১-১৯৪৫) “লীলা”ৰ- “নাজানো পূজাৰ বিহি, বন্দনাৰ ৰীতি, বীণাপাণি বাদেবী চৰণ তোমাৰ; কিৰূপে পূজিম হায়, বমি কিমতে! বজোখা অনন্ত কাল সঞ্জীৱনী বীণা, গহীন জোঁকাৰে তাৰ কঁপাই বননি, সৰাই কা ফুল কবি-ফুলনিত।” ৰমাকান্ত-ভোলানাথৰ পৰা পদ্মনাথ-হিতেশ্বৰলৈ এই পৰিবৰ্তনত ভাষা ঘৰুৱা হোৱাৰ লগে লগে ধ্বনি-সামঞ্জস্যপূৰ্ণ আৰু প্ৰবাহমান ছন্দ অমিত্ৰাক্ষৰৰ মূল দুই গুণৰ সৌন্দৰ্য্য আৰু ভাব-ভাষাৰ গাম্ভীৰ্য ক্ৰমে টুটি অহা গম ধৰিব পাৰি। হিতেশ্বৰৰ গীতি-কবিতাবোৰ তেওঁৰ কাবাতকৈও অধিক কবিত্ব প্ৰমাণঃ “প্ৰাণৰ জিতেন”ত :- “ফুলনিৰ মোৰ গোলাপ জুপিত ধৰিলি চাৰিটি কলি; চাৰিটিৰে এটি কিয়, ঐ জিতেন, থিতাতে লেৰেলি গলি? ফুলনি শুৱাই আছিলি, সোেণাই; তোক কিহে নিলে হবি? কু-পচাৰতে। হিয়া উদঙাই দিনতে আন্ধাৰ কৰি! কুটিলেনে তোক, শুৱনী গোলাপ পাহি? পেললে লেবেলা, নাহঁহ মধুৰ হাঁহি?... শণ বৰ ভাল; নাথাকে তেতি, অন্তৰ নাহে কাল। নষ্ট পাওঁতেই গইছ সংসাৰ এৰি; গলি সুখতেই, সুখৰ লাহৰী ফেৰি!... দেবকন্যাসিয়ে নিতে কোলা লব অতি যে আদৰ কৰি; শুবৰ বেলিকা কাষত শুৱাৰ। ডিঙিত সাবটি ধৰি। নিয় লোকে দু’তালি ব’দে নে জীৱন-মৰণ বিষাদৰ কৰা সংসাৰৰ দুখ একে, সোণকণি, সুখৰ জীৱটি