হে হৰি দয়াৰ সাগৰ সেই চৰণত ভজি আমাৰ
গোকুলত নাউ হল কলঙ্কিনী।
অমৃত খাই হল ৰোগ তিতা লাগে গোপাল ভোগ
জুইৰ দৰে হল শিলোৰ পানী॥
গৰুড়ে হেতি সখি কৰি সাপোৰ অতি মৰু দাউৰি
গয়াত পিণ্ড দান কৰি নৰকোত পিতা।
প্ৰহ যাগোৰ কি এই গুণ দ্বিগুণ হল গ্ৰহ-বৈগুণ;
এত দুঃখ মোৰ ভালে লিখিছিল বিধাতা॥
হৰি ভজি অধোগতি দান কোল্লি হৱে দুৰ্গতি,
ঘিউ খাই নৰ হোৱে অন্ধ॥
ফাসিত মৰি স্বৰ্গবাস, কাশীত মৰি নৰকোত বাস,
ক’তো দেখা নাই দীনবন্ধো।”
ললিতচন্দ্ৰ গোস্বামী (১৮৪৫-১৯০১) নলবাৰীৰ নাৰায়ণপুৰ সত্ৰাধিকাৰ; এওঁৰ ‘কেলি-ৰহস্য’ৰ ভাব-ভাষাও কলঙ্ক-ভঞ্জনৰ অনুৰূপঃ
ভাব এৰি ৰাধা কাছে জমুনাৰ পাৰে পাচে
ভাঙ্গা নৌকা লইয়া বসিলা।
নৌকা বান্ধি নদী তীৰে পাৰে উঠি যদুবীৰে
ধূলি ঘৰ বান্ধিয়া আচিলা॥
সেহি কালে ৰাধা আসি কানাইক মাতয় হাসি
সিঘ্ৰে কৰা যমুনাৰ পাৰ।
ধূলি উমলিতে এৰা সিয়ে এৱে পাৰ কৰাঁ
বজা থৈলু নৌকাত তুমাৰ॥
নৌকাই আসি উঠা তুমি অস্ত গৈলা দিনমণি
মেঘৰ গৰ্জনি অতিশয়।
দশ দিশ ভৈল ম্লান কৰা কৃষ্ণ অৱধান
চিকিমিকি কৰে তমোময়।”
ৰঘুদেৱ গোস্বামী আৰু পূৰ্ণকান্ত দেৱশৰ্ম্মা এই যুগৰে। ৰঘুদেৱে তেওঁৰ হিতোপদেশী