পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৯৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৫
বৰ্তমান যুগৰ নৱ-আৱিষ্কাৰৰ অসমীয়া সাহিত্য


 “বুৰঞ্জী-বিবেক ৰত্ন” বুলি মণিৰাম দেৱানৰ এখন হাতে-লিখা বুৰঞ্জী অসমৰ বুৰঞ্জী-পুৰাতত্ব বিভাগত সংৰক্ষিত হৈছে। ১৮৩৮ ত ই সঙ্কলিত হৈছিল; ভাষা বঙলা-ভঁজুৱা হলেও সমসাময়িক ঘটনাবোৰ জীৱন্তভাৱে বৰ্ণোৱা আছে:⸺কুম্পানিৰ যোৰহাট ফৌজৰ যোৰহাট দখল। তত পৰ মাঘ মাসে আসিয়া কুম্পানি ফৌজৰ যোৰহাট দখল কৰে। চাম ফুকনেৰা ক্ৰমাত ক্ৰমে পশ্চাতে হটিয়া জাইতে লাগিল। পৰে সৰকাৰেৰ ফৌজ গিয়া গৌৰীসাগৰ পহুচাতে তাৱত মানেৰা নামডাঙ্গৰ সিলসাকোৰ আলীএ পথাৰে জুৰি এক জুদ্ধ কেই। তাহাতে কুম্পানি বাহাদুৰেৰ ফৌজ ক এক কুম্পানি জুদ্ধ দেওঁতে পৰস্পৰ অতিশয় বল-বীৰ্য্য ফন্দি-ফিকিৰ জ্ঞাত হওঁতে বিশেষ কয়েক মান মৰা পৰা দেখি জুদ্ধ ভঙ্গ হৈয়া ফিৰিয়া গেল। সৰকাৰি ফৌজো ধাওঁ কৰি ৰঙ্গপুৰে জাই তাহাতে ঔগুৰি চকিতে পুনৰ জুদ্ধ দেই। আলিৰ দুই ফালেৰ পৰা জংঘল হৈতে গুলী চালাইতে লাগিল।”

 কাশীনাথ তামুলী ফুকন (১৮১০?-৭০?) শিৱসাগৰৰ কাকতীয়াৰৰ ঘৰৰ শিৱনাথৰ নাতিয়েক আৰু শ্ৰীনাথৰ চাৰি পুতেকৰ বৰটি। কাশীনাথ পুৰন্দৰ সিংহৰ দিনত তামুলী ফুকন আৰু ইংৰাজ আমোলত শিৱসাগৰ আৰু গুৱাহাটীত মুন্সিফ আছিল বুলি বুজিব পাৰি। ফাৰ্ছি, বঙলা আৰু আহোম ভাষাতো এওঁৰ বিশেষ ব্যুৎপত্তি আছিল, আৰু পুৰন্দৰৰ আজ্ঞা অনুযায়ী আহোম ভাষাবিদ ৰাধানাথ বৰবৰুৱাৰ সহায়ত আহোম ভাষাৰ পৰা ভাঙি যিখন অসম বুৰঞ্জী লিখে তাকে শিৱসাগৰত থকা বেপটিষ্ট মিস্যন সমাজে ১৮৪৪ত নিজ প্ৰেছত ছপাই উলিয়ায়। ইয়াৰ ৰচনা-ৰীতি আগৰ বুৰঞ্জীৰ লগত সেও খোৱা: “ইন্দ্ৰবংসি আসাম মহাৰজা সকলৰ বিৱৰণ। শ্ৰীৰাধানাথ বৰবৰুআৰ দ্বাৰা সংশোধিত মতে কাশীনাথ তামুলি ফুকন কৰ্ত্ৰিক গ্ৰন্থ। আসাম বুৰনজি। খুনলুঙ্গ খুনলাই। পূৰ্বে কেনো এক সময়ত সৰগদেও অৰ্থাৎ ইন্দ্ৰে জাচিংফা অৰ্থাৎ সৰস্বতীক আশ্ৰয় কৰি এইৰূপ বুধি স্থিৰ কৰিলে, জে প্ৰিথিবীত চন্দ্ৰবংসি অনেকটি ৰজা হৈ গৈচে; আমি সকলো দেৱতাৰ মধ্যে ৰজা, তথাপি আমাৰ সন্তানৰ প্ৰিথিবীত ৰাজত্ব নাই, অতএব মোৰ সন্তানকো প্ৰিথিবীত ৰজা হবলৈ পঠাওঁ। এই বুলি ৰাজপূজাৰ জন্ত্ৰ কৰিবলৈ লাউথে অৰ্থাৎ বিশ্বকৰ্মাক আজ্ঞা দিলে। পাচে বিশ্বকৰ্মাই চোমদেও নামে ইন্দ্ৰৰ মনোগতৰূপে জন্ত্ৰ তৈয়াৰ কৰি দিলে। পৰে ইন্দ্ৰ লুংচাইনেত অৰ্থাত বায়ুক পঠাই ইন্দ্ৰৰ পুত্ৰ থেনখৰামক মতাই আনি প্ৰিথিবীত ৰজা হবৰ নিমিত্তে জনাবলৈ