পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৭৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭৪
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


৬৩) ৰাজত্বৰ পাছৰ পৰা মায়ামৰা বিদ্ৰোহ (১৭৬৯-৯৪) আগলৈকে, এনে কালতে জিকিৰবোৰ মূলত ৰচিত হোৱা সম্ভৱপৰ।

 ঘটনাৰ বিষয়ত আদি-যুগত উৎপত্তি হোৱা বোলা ফুল-কোঁৱৰ মণি-কোঁৱৰৰ গীত, আৰু পূৰ্ববৈষ্ণৱ যুগৰ ময়নামতী-গোপীচন্দ্ৰৰ গীতৰ লগত শাৰী পতা এই যুগৰ অৰ্দ্ধ-ঐতিহাসিক জনা-গাভৰুৰ গীত লেখৰ। ইয়াৰ ঘটনাৰ ভাগত, ইংৰাজ কৱি স্কুইনবাৰ্ণৰ নায়িকা আটালান্টাৰ দৰে, (বৰ্তমান অসমৰ নগাঁৱৰ) কামপুৰৰ গৰুচৰ বা গৰুবাট ৰাজ্যৰ অবিবাহিতা ৰাণীজনাই ঘোষণা কৰিলে তেওঁৰ কোনো তিনটা পৰীক্ষাত উঠিব পৰা কোঁৱৰজনকহে, তেওঁ বিয়া কৰাব; কিন্তু পৰীক্ষাত উঠিব নোৱৰাসকলক বন্দী কৰি হত্যা কৰাব। কুঁৱৰীৰ ৰূপৰ মোহত বা ৰাজ্যৰ লোভত ন শ কোঁৱৰ আহি বিফল-মনোৰথ হৈ আৰু হত্যাৰ আদেশ লৈ বন্দী হৈ থকাৰ পাছত নট জাতিৰ কলিধন নামৰ এজন ডেকা অহাত জনাই, তেওঁক অপমান দি খেদাই পঠালে। তাৰে পোটক তুলিবলৈ বুলি তেওঁ তেওঁৰ বন্ধু গোপীচন কোৱৰৰ গুৰিলৈ গল, কিন্তু তেওঁ আগতে ন-পোন কুঁৱৰী বিয়া কৰাই থকাত আৰু এজনী বঢ়াবলৈ মন নেমেলিলেঃ কলিধনে বৰকৈ ধৰাত শেষত গোপীচনে মাকৰ আৰু ন-পোণ কুঁৱৰীৰ হাক- বচন নামানি সেই তিনটা পৰীক্ষাত উঠি ককায়েক অভিমনক মাৰি জনাক বিয়া কৰাই সেই নশ কেঁৱৰক মুক্তি দিলে। ওপৰে ওপৰে চালে, ইয়াত ঐতি- হসিকতা একো নথকা যেন লাগে। এই জনা আৰু অভিমনক মহাভাৰতৰ জনা আৰু অভিমন্যুৰ লগত সংলগ্ন কৰিবলৈ চোৱাও বাতুলতা হব; তদুপৰি ককায়েক থাকোতেও অবিবাহিতা জনাই ৰাজপাট খোৱা কথাও কোনো স্ত্ৰীৰাজ্যৰ নুবুলিলে আচৰিত কথাই। কিন্তু আন পাকে, গোপীচনৰ ন-পোণ আৰু মণিকচন্দ্ৰ ৰজাৰ ময়নামতীৰ বাহিৰেও ন-বুৰি তিৰুতা, গোপীচন আৰু গোপীচন্দ্ৰ দুয়ো সকলো ভাৰ্য্যা এৰি নতুন তিৰুতাত আসক্ত হোৱা আদি কথা আকস্মিক মিল বুলি এৰিব নোৱাৰি। তেন্তে ইহঁতৰ পৰস্পৰ সম্পৰ্ক মানিব লাগিব। ভদুপৰি মাতৃ-স্বত্বৰ ৰাজ্য খাছিয়া-জয়ন্তাৰ সংলগ্ন নগাঁও জিলাৰ লগত এই নাৰী-ৰাজ্যৰ অৱতাৰণাও মন কৰিব লগা। সি যি হওক, সাহিত্যৰ ফালৰ পৰাও এই গীত-কাব্যৰ মূল্য নিশ্চয় আছে জনাৰ বৰ্ণনাত:

“জোকাৰি পিন্ধিলে  গোমচেঙৰ চোলাটি  মাজত বাখৰামি কৰা।
কঁকালত মাৰিলে  জৰদৰ টঙালি  দেখিলে জিলমিল কৰা॥’’