পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৭৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭৩
উত্তৰ নৱ-জন্ম যুগৰ অসমীয়া সাহিত্য


নাই বুলিব লাগিব। কবিতা ওপজে, কিন্তু কথা সাজে; অসমীয়া গদ্য পঢ়িবলৈ যিখিনি অধ্যৱসায়ৰ আৱশ্যক, দুৰ্ভাগ্যক্ৰমে সেইখিনিৰ প্ৰয়োগ কিয়, আৱশ্যকতাও বৰ্তমান সাহিত্যিকসকলে ভালদৰে উপলব্ধি কৰিব পৰা হোৱা নাই বুলিব পাৰি।

জিকিৰ আৰু অন্যান্য মৌখিক সাহিত্য

অসমীয়া মৌখিক জন-সাহিত্যৰ আগকথা আদি-যুগতে কোৱা হৈছে। এফালৰ পৰা চালে জন-সাহিত্যৰ কোনো যুগ নাই বুলিব পাৰি সচা, কিন্তু সকলো যুগ যে তাৰ বিকাশৰ অনুকূল নহয় তাকো সৈ নাকঢ়ি নোৱাৰি। বৰ্ত্তমান কালৰ দৰে সমাজত যেতিয়া “অন্নচিন্তা চমৎকাৰা’’ হৈ উঠে, যেতিয়া মানুহে হাঁ-ভাত, হাঁ-কাপোৰ, বুলি হাবাথুৰি খাই ফুৰে, তেনে কালত অন্ততঃ জন- সাহিত্য কিয়, কোনো সাহিত্যৰেই স্বাভাৱিক বিকাশ অসম্ভৱ, যিহেতুকে সকলো কলাবিদ্যাই যুদ্ধৰ চৰখৰিয়াতকৈ শান্তিৰ সেউজীয়া কোলাত বঢ়া লতাহে। তদুপৰি যুদ্ধ-বিগ্ৰহৰ কালৰ দৰেই বৈষ্ণৱ আন্দোলনৰ নিচিনা সামাজিক আলোড়নৰ সময়তো জন-সাহিত্যৰ বিকাশ সাধন হব নোৱাৰে। এই বাবেই পাৰদৰ দৰে চঞ্চল স্বভাৱৰ হলেও ঘটনা-সংশ্লিষ্ট গীত-কাব্য মণি-কোঁৱৰ ফুল- কোঁৱৰৰ গীত আদি-যুগত, আৰু ময়নামতী আৰু গোপীচন্দ্ৰৰ গীত পূৰ্ব্ব-বৈষ্ণৱ যুগত ঠাই দিয়া হৈছে; কিন্তু স্বয়ং বৈষ্ণৱ যুগত তেনে কোনো জন-সাহিত্যক ঠাই দিবলৈ বিচাৰি পোৱা টান। অথচ বৈষ্ণৱ আন্দোলনৰ ধল শুকাই যোৱাৰ লগে লগে আকৌ ন-সাহিত্যৰ শহ মূৰ তুলি উঠিল, আৰু তাৰ প্ৰমাণ স্বৰূপে এই যুগত অনেক জাতীয় গীত-মাত পোৱা হয়।

 জিকিৰ বা আজান ফকিৰৰ গীত বুলি এনে ৰচনাৰ ভালেখিনি গীত অনেক কাল কোনও সম্প্ৰদায়ৰ মাজত মুখে মুখে চলি আহিছে। এই বিষয়ে 'অসমীয়া সাহিত্যৰ অধ্যয়ন'ত (১৯৪-৯৮ পিঠি) মুকলিকৈ আলচ কৰা হৈছে। ৰহস্যবাদী অনুপম ছুফী কবিতাবোৰ যেনেকৈ খৃষ্টপূৰ্ব কালৰ গীতা-উপনিষদৰ উৰ্ব্বৰ ক্ষেত্ৰত ৰোৱা ইছলামৰ ফুল-পুলিৰ ফুল, জিকিৰবোৰ সেইদৰে মহাপুৰুষীয়া ধৰ্মৰ সাৰুৱা মাটিত ৰোৱা একে ফুল-পুলিৰ ফুল। ছাহাবুদ্দিনে লিখাৰ দৰে মুছলমানতকৈ অসমীয়াৰ লগতহে সদায় আন্তৰিক সহানুভূতি আৰু সংলগ্নতা থকা অসমীয়া মুছলমানৰ ৰচিত এই গীতবোৰৰ ইতিহাস ইয়াতে সোমাই আছে।

গতিকে প্ৰতাপ সিংহৰ (১৬০৩-৪২) কালত নহলেও, জয়ধ্বজ সিংহৰ (১৬৪৮-

১৮