পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৬৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২২ নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী তেন্তে তেওঁৰ বংশধৰ অযযাধ্যা-উড়িয়া আনিত বাদে অসম আদিত বিঢ়বা বাতুলতা মাত্ৰ, এনো এপোণ-ছৰ যুক্তিলৈ মন নকৰাওঁ আচৰিত কথা। এওঁৰে হংসকাকি আৰু যামল সংহিতাৰ পৰা লিখা বুলি স্বীকাৰ কৰা ৰুদ্ৰমামলৰ ভণিতাত আছে, ‘পদ বঢ়া হোৱা বুলি আমি নিলিখিলো। দীপিকা চন্দ্ৰক চাই সংক্ষেপিয়া থৈলে॥” তেনেহলে এই তিনিওখন পুথিয়েই সেই নামৰ একেজন উড়িষ্যাৰ বজাৰ, শঙ্কৰদেৱৰ ভক্তি ৰত্নাকৰৰ দৰে, সংগৃহীত সংস্কৃত গ্ৰন্থৰ পৰা মাধৱদেৱ আৰু পৰবৰ্তী কোনোবা অসমীয়া কবিয়ে ভাঙনি কৰা যে সন্দেহ নাই; কিনো আন দুখন পুথিৰ ভাষা মাধৱদেৱৰ নাম-মালিকাৰ ভাষাতকৈ অৰ্বাচীন। অৱশ্যে গুৰু-গুণমালাত “গজপতি সন্ত, শৰণ লৈলন্ত” বুলিছে; কিন্তু এওঁ যে শঙ্কৰদেৱৰ অসমৰ শিষ্য তাক কেৱা নাই, আৰু গজপতিৰ উপৰিও আন বহুত জনে বিভিন্ন দেশত শঙ্কৰদেৱৰ ধৰ্মত শৰণীয়া হোৱাৰ কথা লিখা আছে। পুথিখনৰ নাম বহুতে “দীপিকা- চন্দ" বোলে; কিন্তু ভিতৰৰ অধ্যায়বিলাক বিভিন্ন “কলা” বুলি বৰ্ণোৱাত “চন্দ" নহৈ, “চন্দ্ৰ” হব লাগে বুলি ভাবিব পাৰি। দীপিকাচন্দ্ৰ যে বৈষাৰ যুগৰ শেষ কাল ভাঙনি, এই পদ কেফাকিয়েই তাৰ চুড়ান্ত প্ৰমাণ— “দেখি কৃপাময় হৰি। নৰৰূপে অৱতৰি॥ চৈতন্য-শঙ্কৰ বেশে। ৰামানন্দ হৰিব্যাসে॥ এহি চাৰি ৰূপ হৈব । নিজ যশ প্ৰচাৰিৰ॥” হন বৈষ্ণৱ আৰু বৈষতিক পদ্য-ন্য অনন্ত আচাৰ্য্যই অন-লহৰী কাব্যৰ ভণিতাত লিখিছিল, “সৌমাৰ পীঠৰ সম নাহি (ৰাজ্য) আন। সতত থাকন্তু যাত ভৱানী ঈশান॥ সেহি পীঠ মধ্যে আছে পুৰী নানা খান॥ কেহো নোহে ৰক্ষপুৰ নগৰী সমান॥ সেছিসে নাৰী জানা দুতি অশ্ৰাবতী। তাতে শিৱসিংহ ভৈলা দুতি সুৰপতি। প্ৰমথেশ্বৰীকে কৈলা ভন পটেশ্বৰী। ৰূপে গুণে কেঁৗতো যাৰ নাহি সৰিবৰি॥ তাসম্বাৰ সঙ্গে থাকি মই বিদ্যাহীন। ৰজা দুজনাৰ হিত বাঙ্গো প্ৰতিদিন। অনন্ত আচাৰ্যে ভণে এৰি আন ৰাণী। নিৰন্তৰে প্ৰবালা লোকে শঙ্কৰ-ভৱানী॥" চিনাথ কন্দলীয়ে আঃ ১৭৫৫ত কন্ধিপুৰাণ আৰু ১৭৫৯ ত মাৰ্কণ্ডেয় চণ্ডীৰ পদ কৰে। তাৰ পৰিচয়ত লিখিছে।