পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৪৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪৫
উত্তৰ নৱ-জন্ম যুগৰ অসমীয়া সাহিত্য


ৰাজগৃহত; বৈষ্ণৱ গদ্যৰ বিষয়বস্তু ধৰ্মমূলক , বুৰঞ্জীৰ বৈষয়িক; বৈষ্ণৱ গদ্যৰ আদৰ্শ সংস্কৃত, বুৰঞ্জীৰ জতুৱা অসমীয়া। এনেবোৰ মিল-অমিল লৈ এই যুগত হাতী, ঘোৰা আদি বিষয়ক বৈজ্ঞানিক ৰীতিত লিখা পুথিকো লৈ অসমীয়া গদ্য- ৰীতি যথেষ্ট আগবাঢ়িল। এই বিশিষ্ট অৱদানৰ ভিতৰত ছাৰ জৰ্জ আব্ৰাহাম গ্ৰীয়াৰ্ছনে বুৰঞ্জী সাহিত্যৰ বিষয়ে কোৱা প্ৰসিদ্ধ কথাৰ মৰ্ম:— অসমীয়াই নিজ জাতীয় সাহিত্যৰ বাবে যথাৰ্থতে গৌৰৱ কৰিব পাৰে। কিন্তু যি বিষয়ত ভাৰতবৰ্ষ আচৰিতভাৱে পিছ পৰা তেনে এটিতহে অসমীয়া আটাইবোৰ বিষয়তকৈ আগবঢ়া৷ অসমীয়াৰ বুৰঞ্জী সাহিত্য এটি জাতীয় সম্পদ। ই সদায় জাতীয় আৰু এতিয়ালৈকে জাতীয় হৈয়ে আছে। অসমীয়া জাতীয় প্ৰতিভাই ইয়াক নিজ বাটেদি আগবঢ়াই নিছে: বঙ্গীয় সাহিত্যত নোহোৱা-নোপজা এই বিষয়টি অসমীয়াৰ ঘাই গৌৰৱৰ বস্তু। অসমীয়া জাতিয়ে অসমীয়া সাহিত্য গঢ়িলে নে অসমীয়া সাহিত্যই অসমীয়া জাতি গঢ়িলে, মই কব নোৱাৰোঁ; কিন্তু অসমীয়া আৰু অসমীয়া সাহিত্য উভয়েই শত শত বছৰ জুৰি শক্তিমন্ত ভাৱে জীৱিত আছে, ই সত্য কথা।

 অনুবাদ আৰু চৰিত মূলক বৈষ্ণৱ পদ্য-গদ্য৷ হৃদয়ানন্দ বা অনন্ত কায়স্থৰ নাম অনন্ত কন্দলীৰ ৰচিত ৰামায়ণৰ সামৰণিৰ ফালে আছেঃ কায়স্থ হৃদয়ানন্দে কয়। শুনিয়োক সভাসদচয়॥ অশ্ব মুণি বাণ চন্দ্ৰ শকত। শুক্ল আঘ্ৰণে দ্বিতীয় পক্ষত॥ শ্ৰীৰাম কীৰ্ত্তন ভৈল উপসাম। অনন্ত কহে বোলা ৰাম ৰাম॥" তেন্তে ১৫৭৭ শকত (১৬৫৫ খৃঃ) শ্ৰীৰাম-কীৰ্ত্তনৰ সামৰণি মৰা এই দয়ানন্দ বা অনন্ত কবি কোন? শঙ্কৰদেৱৰ সমসাময়িক হৰিচৰণ অনন্ত কন্দলী ইমান দিনলৈ জীয়াই থকা নিশ্চয় সম্ভৱ নহয়। এই ভণিতাৰ আগছোৱাত পোৱা হৃদয়ানন্দ কায়স্থ এই অনন্ত কবিৰ আন নাম; কিন্তু এই হৃদয়ানন্দ কায়স্থই বা কোন?⸺

“আত পাছে শুনা ব্যাসকলাইৰ যেন ভৈল বিসঙ্গতি।
হৃদয়ানন্দ নামে তাহান তনয় মহাধীৰ শুদ্ধমতি॥১৩৫৮।
মহা বিচক্ষণ সুন্দৰ শৰীৰ ওজা বৰ কীৰ্ত্তনৰ।
তেন্তে পদ গান্তে শ্ৰীমন্ত শঙ্কৰে আনন্দ লভে বিস্তাৰ॥"১৩৫৯।

কিন্তু গুৰুচৰিতত পোৱা ব্যাসকলাইৰ এই পুতেকজন শঙ্কৰদেৱৰ নবীন সমসাময়িক হৈ ইমান দিনলৈ আছিল বুলিব নোৱাৰি। তেন্তে এওঁ কোনো