পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৪৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

পুথি চাৰি

উত্তৰ নৱ-জন্ম যুগৰ অসমীয়া সাহিত্য

 আগকথা। (ক) ৰাজনৈতিক সাৰাংশ। এই যুগ ভাৰতৰ প্ৰবল প্ৰতাপী মোগল সাম্ৰাজ্য আৰু অসমত মহা পৰাক্ৰমী আহোম ৰাজ্যৰ পতন, আৰু লগে লগে ভাৰতবৰ্ষত নতুন বৃটিশ সাম্ৰাজ্যৰ পাতনৰ ফালৰ কাণ-সমনীয়া। ইয়াৰ ভিতৰতে পুৰণি কামৰূপ ৰাজ্যৰ পশ্চিম ছোৱাত কোচ ৰাজ্য আৰু পূব ছোৱাত চুটিয়া আবু কছাৰী ৰাজ্যৰ চিন-চাব হেৰায়। অসমৰ সিংহাসনত চুৰাম্ ফা বা ভগনীয়া ৰজা (১৬৪১-৪৪) আৰু চুতিন্ ফা বা খোৰা বা নৰিয়া ৰজা (১৬৪৪-৮৮) বোলা দুজন নিশকতীয়া ৰজাৰ পাছত চুতাম্লা বা জয়ধ্বজ সিংহৰ ৰাজত্বতে এই যুগ মুকলি হয়। ১৬৫৮ ত মোগল সম্ৰাট শ্বাহজাহান নাৰিয়া পৰে আৰু এই সুযোগতে দুইৰো এই উমৈহতীয়া বৈৰীৰ পোতক তুলিবলৈ কোচ ৰজা প্ৰাণনাৰায়ণে আহোম ৰজা জয়ধ্বজৰে মুঠ বান্ধিব খোজে, কিন্তু এওঁৰ পূৰ্বৰ চৰিত্ৰলৈ চাই জয়ধ্বজে এওঁক সাবটি ধৰিব নুখুজিলে। আলমগীৰনামা মতে জয়ধ্বজে কোচ আৰু মোগলৰ বিপক্ষে যুদ্ধযাত্ৰা কৰি কোচ ৰাজ্য, অধিকাৰ কৰি ব্ৰহ্মপুত্ৰৰ দক্ষিণে ঢাকালৈকে গোটেইখিনি ঠাই লুটি-পুতি শেষ কৰাত অসংখ্য বৰতোপ, হিলৈ আৰু ঘোৰা আদি এৰি থৈ ঢাক্কাৰ মুছলমান ফৌজাদাৰ প্ৰাণ লৈ পলাই যায়। চুজা আৰাকানলৈ পলাই যোৱাত মিৰজুমলাক বঙ্গৰ শাসনকৰ্তা পতা হয়, আৰু তেওঁ ততালিকে প্ৰাণনাৰায়ণৰ ফালে চোচা লৈ আহি দেখে এওঁ তাৰ আগতে পলাই ফাট মাৰিলে। ১৬৬২ৰ ৪ জানুৱাৰীত মিৰজুমলাই পৰ্টুগীজ আৰু অন্যান্য ইউৰপীয় বিষয়াৰ পৰিচালিত নৌ-বাহিনী লৈ এইবাৰ আহোম ৰজাৰ বিৰুদ্ধে যুদ্ধযাত্ৰা কৰিলে, আৰু ১৬৬৩ৰ ৩০ মাৰ্চত অতি কষ্টেৰেহে এওঁলোকক কোনোমতে অসমৰ পৰা খেদাব পৰা হৈছিল। জয়ধ্বজৰ পাছত চুপুংমুং চক্ৰধাজ সিংহ নাম লৈ ৰজা (১৬৬৩-৬৯) হোৱাত ১৬৬৯ৰ ফেব্ৰুৱাৰীত

মোগল সম্ৰাট ঔৰংজেৱে (১৬৬৮-১৭০৭) অসম জয় কৰিবলৈ তেওঁৰ তলতীয়া

১৬