পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৩৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩২
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


 অদ্যাপি তাহাৰ বংশ আয় ঐহিত।  চেলি বৰা ঘৰ বুলি সৰ্বত্ৰ বিদিত॥
 পঞ্চদশ শত ত্ৰয়োবিংশ মাঘ মাস।  সেহি দিন হন্তে ধৰ্ম্ম কৰিলা প্ৰকাশ॥’’

 ১৫৪৮ শকৰ ( ১৬২৬ খৃঃ) ১১ পুহ সোমবাৰে শুক্লা একাদশী তিথিত অনিৰুদ্ধৰ মৃত্যু হয়; কিন্তু বৈষ্ণৱ কবি ধৰ্ম্মাচাৰ্য্যৰ কীৰ্ত্তিৰ বাহিৰেও অনিৰুদ্ধ অসমৰ বুৰঞ্জীত আন প্ৰকাৰেও শোণিত জ্যোতিৰে চিৰকাল জিলিকি থাকিব। অসমৰ বুৰঞ্জীত একোটি লেখৰ ঘটনা আৰু একমাত্ৰ গৌৰৱপূৰ্ণ জন-আন্দোলন, মহাপুৰুগীয়া ধৰ্ম্মৰ একমাত্ৰ ক্ৰুছেদ বা ধৰ্ম্মযুদ্ধ জয়-জয়কাৰ যুগ-যুগান্তৰলৈ ঘোষণা কৰি দিগদিগন্তলৈ একশৰণ ধৰ্মৰ বিজয় পতাকা উৰোৱা যি মায়ামৰা আন্দোলন, তাৰ জনক-জননী এই অনিৰুদ্ধই। কিন্তু দুৰ্ভাগ্যক্ৰমে পতনমুখী অসমীয়া জাতিয়ে “আদি চৰিত" নামৰ এখন দুষ্ট “জাল" পুথিৰ অপপ্ৰচাৰ আদিৰে এই পবিত্ৰ ধৰ্মৰ নামত ছাই সানি, অনিৰুদ্ধক চোৰ-প্ৰবঞ্চক পাতি অসমীয়া জাতিৰ গৌৰৱ স্বৰূপ মায়ামৰাসকলক “মোৱামৰীয়া” আদি নিন্দাসূচক নাম দি নিজৰ ধ্বংস নিজে চপাই আনিছিল। মায়ামৰা নামৰ অৰ্থ অতি মনোৰম; পঞ্চপুৰৰ শাসন-ভাৰ পিতাকে অনিৰুদ্ধৰ ওপৰত জাপি দিয়া বাবে তেওঁ আচাৰ্য্য বা গুৰুৰ ভৰি লব নোৱাৰে, ইয়াকে ভক্তিৰসৰ ৰসিক অনিৰুদ্ধই গোপালক এইদৰে জনালে “মধুমতী মায়া শিৰে চৰি আছে মোৰ। নপাৰোঁহোঁ এহিবাক্য কৰিবে গুৰুৰ॥’’ উত্তৰত “কথাৰ সাগৰ” গোপাল আতাই কলে, “মধুমতী মায়াৰ শিৰত তুমি চৰি। মৰ্দ্দিয়া মায়াক থাকা ধৰ্ম্মক আচৰি॥ ১০৪।” এই বাবেই যে অনিৰুদ্ধৰ প্ৰাৰিত ধৰ্ম্ম-সম্প্ৰদায়ক মায়ামৰা সম্প্ৰদায় বোলে, তাত সন্দেহ নাই।

 অনিৰুদ্ধৰ ভাগৱত আৰু মহাভাৰতৰ ভাঙনি ষোড়শ শতিকাৰ শেষ ভাগত নহলে সপ্তদশ শতিকাৰ আগভাগত লিখা। অনিৰুদ্ধ চৰিতৰ পাতনি-লেখক ৰজনীকান্ত বৰদলৈৰ মতে “ধৰমৰ গীত" পুথিত অনিৰুদ্ধৰ গীতৰ লেখ ১৮২ আৰু মাধৱদেৱৰ নামঘোষাৰ দৰে আৰু তোটয় ভট্টিমা আদিৰে অনিকই “ভক্তি- মঙ্গল" বোলা আৰু এখন পুথি লিখিছিল। এই পুথিৰ আমি সম্পাদনা কৰিছোঁ, এতিয়াও ছপা হোৱা নাই। মহাভাৰতৰ সভাপৰ্বৰ ভাঙনি এটিতো অনিৰুদ্ধৰ নাম আছে; অতি সম্ভৱ তেওঁ অনিৰুদ্ধ দ্বিজ বা ৰাম সৰস্বতী নহয়। শঙ্কৰদেৱ-মাধৱদেৱ দুয়ো অনিৰুদ্ধৰ সম্বন্ধীয়া আৰু শঙ্কৰদেৱৰ তিৰোভাৱৰ কালত অনিৰুদ্ধ পোন্ধৰ বছৰীয়া লৰা; গতিকে মহাপুৰুষ দুজনাৰ লগত এওঁৰ