কবিৰ যথেষ্ট পাণ্ডিত্য ফুটি ওলাইছে, আৰু ইয়াক সেইদেখি সংস্কৃতৰ আখৰুৱা
ভাঙনি বুলি উলাই কৰিব নোৱাৰি। “বিবৰণমূলক তালিকা”ৰ মতে
এই পুথিৰ ৰচনাৰ কাল ১৫৫৮ খৃঃ মান হব; কিয়নো ৰঘুদেৱৰ ৰাজত্ব (১৫৮১-
১৬০৩ খৃঃ) গোপাল দ্বিজই বৰনগৰত সংস্কৃত-চৰ্চ্চাৰ যি টোল ৰাখে, বৈকুণ্ঠনাথ
ভট্টদেৱ (১৫৫৮-১৬৩৮ খৃঃ) আদি তাৰ ছাত্ৰ। এওঁৰ হৰিবংশ আগবয়সৰ
আৰু তৃতীয় স্কন্ধ শঙ্কৰদেৱ-দামোদৰৰ তিৰোভাৱৰ পাছত ষোড়শ শতিকাৰ শেষ
ভাগৰ ৰচনা বুলি ঠাৱৰ বৰা হৈছে।
গোপাল মিশ্ৰ কবিৰত্নৰ পিতাক ধৰ্ম্মাই বা বলদেৱ; ককাক হৰিহৰ আচাৰ্য্যৰ ঘৰ মালীপুৰত। এওঁকে খুদীয়া আৰু উলুবাৰী সত্ৰৰ প্ৰতিষ্ঠাতা আৰু দামোদৰ, নিৰঞ্জন, আৰু বনমালীদেৱৰ গুৰু বোলে; দামোদৰদেৱে পাটবাউসী, নিৰঞ্জনদেৱে আউনিআটী , আৰু বলমালীদেৱে দক্ষিণপাট আদি সত্ৰৰ প্ৰতিষ্ঠা কৰে। নিৰঞ্জনদেৱেই জয়ধ্বজ সিংহ ( ১৬৪৪-৬৩ খৃঃ) ৰজাক শৰণ দিয়ে বুলি কয়; সেইদেখি এওঁ আন দুজন গোপালৰ নবীন সমসাময়িক বুলি বুজিব পাৰি। মাধৱদেৱৰ আনুগত্যত আৰু অনুকৰণত এওঁ “ঘোষা-ৰত্ন" ৰচি ভক্তি ধৰ্ম্ম বাখানে; আৰু পৰাধৰ্ম্ম -নিৰূপণ, শডঙ্খচূৰ বধ, মহীষাসুৰ বধ আদি আন কেইবাখনো পুথি এওঁ ৰচা বুলি কয়। অসমৰ সন্তসকলৰ বৰ্ণনাৰে সন্তনিৰ্ণয় পুথিৰ ৰচকৰূপে কৃষ্ণভাৰতী জনাজাত। “কৃষ্ণভাৰতীৰায়াতি বেদান্ত-কেশৰী। পলায়ুৰ্দ্ধং পলায়ুৰ্দ্ধং ভো ভো পণ্ডিতকেশৰী॥” এওঁৰ উল্লেখ প্ৰয়োদ-ৰত্নমালা-প্ৰণেতা পুৰুষোত্তম বিদ্যাবাগীশেও কৰিছে। যদি এওঁ শঙ্কৰদেৱৰ সমসাময়িক হয়, তেতিয়া হলে এওঁ এই পুথি ৰচা নহয় যেন লাগে। কৃষ্ণ আচাৰ্য্যৰ শঙ্কৰ-চৰিতৰ লগত সন্ত-নিৰ্ণয়ৰ মিলেও এই দুই গ্ৰন্থকাৰৰ নাম বা পুথিৰ খেলিমেলি থকা যেন দেখুৱায়। গোবিন্দ দাসৰ সন্ত-সম্প্ৰদায় কথা-পুথিৰ সামৰণিত—“সাধুসৱক সম্বোধিয়া সেৱা কৰিবাঁ, এতেকে সে মুক্তিক লভিবাঁ। অপৰাধী-সৱকো সদায় ক্ষমা কৰিবাঁ। ইতি, এটকা মহন্তৰ চৰিত্ৰ পুস্তুক সমাপ্ত।” এনে আৰু অনেক পুথি আছে; এইবিলাক অতি সম্ভৱ সপ্তদশ শতিকাৰ মাজ বা শেষ ভাৰ। গোবিন্দ মিশ্ৰ পদ-গীতা এই যুগৰ এটি বিশেষ সম্পদ। এওঁৰ ঘৰ কামৰূপৰ বালি গাঁৱত পিতাক তাৰাপতি, ককাক কলাপচন্দ্ৰ, আজোককাক ৰামমিশ্ৰ। এওঁৰ পাণ্ডিত্য কবিত্বতকৈ হীন নাছিল; এই পদ-ভাঙনি সম্পৰ্কে