পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২২৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নৱ-জন্ম মুগত খুনি উঠা অসমীয়া সাহিত্য কেনেকৈ সোমাবলৈ পালে তাৰ সঠিক সমিধান আজিলৈকে পোৱা নাই! কিন্তু এই কবিতাকেইটি কোনো মতেই কীৰ্তন- ঘোত অশোভন হোৱা নাই বুলিলে এই প্ৰশ্ন ঘনাই নুঠে, আৰু ৰত্নাকৰ কন্দলী সম্ভৱ অনন্ত কন্দলী আৰু ইনৰ আনটি “উচ্ছিষ্ট ভোজন " ৰূপেই জানোবা ইও শঙ্কৰ - দেৱৰ কাব্যৰ শাৰীত ঠাই পাইছে বুলি বহুতে নিজক বুজনি নি থয়। কিন্তু যিহেতুকে ৰত্নাকৰ কন্দলী, কবিশেখব, নামৰ কোনো ভণিতা অনন্ত কন্দলীৰ কোনো ৰচনাত এতিয়ালৈকে পোৱা হোৱা নাই, আৰু যিহেতুকে ভাৰ বিপৰীতে “ৰত্নাকৰ কন্দলী পড়ন্ত গীতা ভয়। বিয়াসকলাই নামে জনৈক অহয়। তা সম গুণী নাই জাতত ব্ৰাহ্মণ। শঙ্কৰদেৱত তেহে লৈয়াছে শবণ।" বুলি স্পষ্টভাৱে দৈত্যৰিয়ে কৈছে। এওঁক অনন্ত কন্দলীৰ পৰা পৃথক এজন কবি বুলিহে নিশ্চয় বুজিব লাগিব। আনটি বিষয়েও, কি ভক্তি, বা কি কাব্য, কোনো ফালৰ পৰাই অবাঞ্ছনীয় হব নোৱাৰে বুলি শঙ্কৰদেৱে নিজেও ইয়ক কীৰ্ডনত ঠাই দিব পাৰে। সি যি হওক, ৰত্নাকৰ যে অন্ততঃ অনন্ত কন্দলী আৰু বাম সৰস্বতীৰ শাৰীৰ শক্তিশালী সুকীয়া বৈষ্ণৱ কবি সহস্ৰনাম বৃত্তান্ত পৰপুৰাণৰ অন্তৰ্গত; ইয়াৰ মধুৰ আৰু অমৰ ভাবৰ প্ৰথম কবিতাটি সম্পূৰ্ণ তুলি নিদিলে প্ৰকৃত সোৱাদ বুজা তাত সন্দেহ নাই। টন। কি কৰিলো কি কৰিলো ভকতি নাৰি। অন্তক পাইলেক আসি ৰক্ষা কৰা হৰি। নকৰিলে। শিৰে মাধৱক নমস্কৰ। ইটা মাথা গোটি মোৰ ভৈল মহাভাৰ॥ ফৰ্ণ দুই আছে নুশুনিলো হৰি-কথা। দুগোটা গৰ্তৰ ভাৰ বহিলোঁহে বৃথা॥ জিহ্বা মোৰ আছন্তে নলৈলো ৰাম নাম। দাৰুৰীৰ জিহবা যেন ভৈল কোন কাম॥ নেদেখিলোঁ নয়নে প্ৰভুৰ হেন ৰূপ। সমাকে জানিলোঁ দুয়ো আখি অন্ধকূপ॥ যৌন চিত্ৰ বিচিত্ৰ মৈৰৰ ভাসে পাখি। হৰি-ৰূপ নেদেখিলোঁ পাইলো তেন আখি॥ হৰি-পদ তুলসীৰ নলৈলোঁহে গ্ৰাণ। জীৱন্তে মৰিলোঁ নাসা ভাটীৰ সমান॥ পিন্ধিলোঁহো বাহুত অনেক অলঙ্কাৰ॥ প্ৰভুৰ পূজাৰ নকৰিলোঁএকব॥ কৃষ্ণ-কৃত্য নকৰিলে ভৈলোঁহো ককৰ্থৰ। ইটো হস্ত বাহু মিছা মৃতক শৱৰ॥ পৱি দুই আছন্তে নগৈলো ক্ষেত্ৰস্থান মোৰ পাৱ ভৈল বৃক্ষ-শিপাৰ সমান॥ হা হা দয়াময় মোৰ কি কৰিলা গতি। এভু তুৱা নাম লৈতে হৌক মোৰ মতি॥