পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

স্বৰ্গীয়া আজলীতৰা দেৱীলৈ

ৰূপ-ৰস ভৰা এই শুৱনী অৱনী, প্ৰিয়ে, এৰিলাঁ সিদিনা, সিদিনাৰে পৰা এৰা-দেহ, এৰা-ঘৰ, এৰা-বাৰী যেন লাগিছে সকলো! কোৱাই নকৰে কা, জিলিয়ে নকৰে জা; কোকিলৰ কাকলি কূজন, ভ্ৰমৰৰ উন্মত্ত গুঞ্জন, কাঁহ পৰি জীণ গ'ল! মলয়াৰ মুদুল হিল্লোল, তটিনীৰ প্ৰণয় কল্লোল, নিৰ্বাক নিস্পন্দ হল!! সৌন্দৰ্যাৰ অৱলীলা ৰূপহী উষাৰ, ইন্দ্ৰধনু সাত বৰণৰ, পমি গল দূৰ নীলিমাত!!

 তুমি? ধ্ৰুৱ তৰাটিৰ দৰে তুমি ৰ’লাঁ অচল অটল; হালধিৰ বোল লগা মুগাৰ ৰিহাৰ শুৱনী ওৰণী টানি বিয়াৰ পাছত দেখা দিয়া দৰে। ক্ষমা কৰাঁ, তেজ-মঙহেৰে গঢ়া মই; জনমৰ আকলুৱা চকু দুটি মোৰ, থৰ লাগি চালে! অফুলন বাসনাৰ ফুল, অপূবণ পীৰিতি আকুল!! নিন্দিলা হঠাতে – “অলং বক্কলি, কিন্তে ইমিনা পূতিকায়েন দিত্থেন? যো খো বক্কলি ধম্মং পস্ সতি সো মং পস্ সতি, যো মং পস্ সতি সো ধম্মং পসতি।”

 ওঁহোঁ, “ন সঃ, নান্যঃ" তুমিয়ে; অথচ নোহোৱাঁ তুমি! সোণৰ প্ৰতিমা, কুৰুকি কুৰুকি কাষ চপা—“শীতকালে সুখোষ্ণা চ গ্ৰীষ্মে চ সুখশীতলা। তপ্ত কাঞ্চন বৰ্ণাভা সা শ্যামা পৰিকীৰ্ত্তিতা॥"—পাহৰিলা নিজৰ শৰীৰ? পাহৰিলাঁ মোক? পাহৰিলাঁ উভয়ৰ দেহ-প্ৰাণে গঢ়া এই সাতোটি পোনাক?—কিনো কোৱাঁ?–“নাহং দেহো জন্মমৃত্যুঃ কুতো মে। নাহং প্ৰাণ ক্ষুৎপিপাসা কুতো মে। নাহং চিত্তং শোকোমোহো কুতো মে৷ নাহং কৰ্ত্তাঃ বন্ধমোক্ষৌ কুতো মে।’’

 বুজিছোঁ, ধূলিৰ মলিন সাজ নেওচি পিন্ধিলা সৰগী শুৱনী সাজ; কাল-নিগনিয়ে তাক কুটিব নোৱাৰে। আৰু মই? ধূলিৰ মানুহ, ধূলিৰে ওমলোঁ; ধূলিৰ দৰেই পিয়াহত ছাটি-ফুটি কৰোঁ। —কিনো কথা! ইবাৰ মাতিছাঁ কাষলৈ? ব’বা, যাম; নগই নোৱাৰোঁ। কিন্তু বৰালি-বুকুৱা কুটি ধূলিৰ মলাত ধূলিৰে ইমান দিন বৰভোজ বহালঁো যতনে; কাৰ নামে যাওঁ উছৰগি?

 হাঁহিছাঁ? ধূলিত থাকেঁতে লাঙনি-পাঁচনি কৰি তুমি জানো নিদিছিলাঁ নিজে? সোৱণসিৰিৰ বালি চালি, বালি এৰি সোণ হ’লাঁ তুমি; তোমাৰ পৰশ পাই সোণৰ নিচিনা জানো ইও হোৱা নাই? বিশ্বৰ ৰন্ধ্ৰত ফুক দি কতনো জনে কালৰ গৰ্জনি লই তুলিলে তৰ্জনি; গাই গ'ল কাণেৰে নুশুনা মহা মৃত্যুঞ্জয়ী গীত; চকুৰে নেদেখা কত নজহা-নপমা ফুল ফুলালে তুলীৰে; তাৰ কথা কলোঁ। ইও সেই সত্যৰ প্ৰমাণ; জহি-খহি যাব এই পুৰণি পৃথিবী, সেইবোৰ ৰব চিৰকাল।