পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২০৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২০৫ নৱ-জন্ম যুগত কুলি উঠা অসমীয়া সাহিত্য দাতিয়লীয়া পোহবেই ইয়াৰ বিষয়বস্তু। কোটোবা খেলা অঙ্কত বাধাই আন গোপীৰে গাখীৰ, দৈ, মাখন বেচিবলৈ যাওঁতে লগৰ গৰখীয়াবিলাকেৰে কৃষই কেনেকৈ বাট ভেটি ধৰিছিল, তাৰ কথা; আৰু ভূষণ-হেৰোৱা অঙ্কত পানী আনিবলৈ গৈ ৰাধাই কৃষ্ণক কদমৰ তলত শুই থকা পাই তেওঁৰ অলঙ্কাৰ চুৰ কৰি নি কেনেকৈ ধেমালি কৰিছিল, তাৰ বৰ্ণনা। কোৱা বাহুল্য , এই নাট- কেখনিতে বাধা তাৰ মাখিছালৰ ভিতৰলৈ সোমাব পৰা নাই; বাধা-উপাসনা বা বৈভব অহ নাই। আকৌ শঙ্কৰদেৱৰ নামত প্ৰচাৰিত ৰামমালিকা আদিৰ দৰে মাধৱদেৱৰ নামত আদিচৰিত, অমূল্যৰত্ন, গুপ্তমণি আদি কেবাখনিও “জাল” পুথি পোৱা হয়। এনে বাদ-বিসম্বাদ থকা কোনো পুথি শঙ্কৰদেৱ বা মাধৱদেৱৰ হয় নে নহয় সেই বিচাৰৰ কষটি হব শঙ্কৰদেৱৰ কীৰ্ত্তন-দশম আৰু মাধৱদেৱৰ ঘোষা-ৰত্নাৱলী; সেইবোৰ গ্ৰন্থৰ সঠিক ভাব, ভাষা বা বীতিৰ লগত নিমিলিলে কোনো গ্ৰন্থ সেইসকলৰ বুলি ধৰিব নোৱাৰি। শঙ্কৰদেৱ মাধৱদেৱৰ নুবুলিলে কোনো নতুন কথাই সমসাময়িক অসমীয়া সমাজত ঠাই নাপাইছিল বাবেই কোনো অসৎ লোকে শঙ্কৰ-মাধৱৰ শিক্ষাৰ বিপৰীতমূলক কথাও অনেক সময়ত এইদৰে সেইসকলৰ নামত প্ৰচাৰ কৰিবৰ অপচেষ্টা কৰিছিল। উদাহৰণ স্বৰূপে, বান-মালিকা"ত কৃষ্ণব কিঙ্কৰ শঙ্কৰক নিজে কৃষ্ণ বা ঈশ্বৰ বুলি কোৱাইছে। “আদিচৰিত মাধৱদেৱৰ নামত অপপ্ৰচাৰ কৰা এখন অতি দুষ্ট পুথি। “গুপ্তমণি" পুথিখন এটি প্ৰকাশিত মাধৱ- দেৱৰ আৰু আন আন এটি প্ৰকাশত শঙ্কৰদেৱৰ বুলিছে; ইও বিশেষ তাৰ্থক। ইপা-পুথিৰ ভণিতাত মাত্ৰ আছে—“কহে গোবিন্দ দাস এবা আন কাম। পাতক হলোক ডাকি বোলা ৰামধাম॥" ইয়াৰ পৰা ই শঙ্কৰদেৱ বা মাধৱদেল, বা আন কাৰবাৰ বিশেষ ভণিতা হয় বুলিব পাৰি জাননা? আকৌ, " অমুল্য-ৰত্ন”ৰ ভণিত আৰিতভাৱে আহে শৰ মাৰে। এন বিৰে অমূল হত্ন সব। মহা অন্ধ হয়ে বলি হটা পাবে॥" এবাৰ জকি বোলাৰাম ৰন॥” এনে জোটাশালি মৰা ভণিতা আৰু কৰবাত আছে নে? তদুপৰি শঙ্কৰদেৱৰ মুখে এই বুলি নিজ নামৰ ব্যাখ্যা কৰাইছে-“লক্ষ্মীৰ যতেক শ্ৰী আমাত হোৱয়।